+ -

عن المِقدام بن معدي كرب رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«إِذَا أَحَبَّ الرَّجُلُ أَخَاهُ فَلْيُخْبِرْهُ أَنَّهُ يُحِبُّهُ».

[صحيح] - [رواه أبو داود والترمذي والنسائي في السنن الكبرى وأحمد] - [سنن أبي داود: 5124]
المزيــد ...

মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।

[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, নাছায়ী ছুনান আল-কুবৰা আৰু আহমদ)] - [ছুনান আবি দাঊদ - 5124]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উপায় বৰ্ণনা কৰিছে যিটোৰ দ্বাৰা মুমিনসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী হয় আৰু তেওঁলোকৰ মাজত মুহাব্বত প্ৰসাৰিত হয়। সেই উপায়টো হৈছে, যদি কোনো ব্যক্তিয়ে কাৰোবাক ভালপায় তেন্তে তেওঁ সেই কথাটো তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভালপায়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে মুহাব্বত কৰা উচিত, পাৰ্থিৱ কোনো স্বাৰ্থ অৰ্জনৰ উদ্দেশ্যে মুহাব্বত কৰা উচিত নহয়।
  2. মাহবুবক আল্লাহৰ উদ্দেশ্যে কৰা মুহাব্বতৰ কথা জনাই দিয়াটো মুস্তাহাব, যাতে মুহাব্বত তথা আন্তৰিকতা আৰু অধিক বৃদ্ধি পায়।
  3. মুমিনসকলৰ মাজত মুহাব্বত প্ৰসাৰিত হ'লে ঈমানী ভাতৃত্ববোধ শক্তিশালী হয়, লগতে অনৈক্য আৰু বিভাজনৰ পৰা সমাজ সুৰক্ষিত থাকে।
অধিক