+ -

عن ابْنِ عُمَرَ رضي الله عنهما أنه سَمِعَ رَجُلًا يَقُولُ: لَا وَالْكَعْبَةِ، فَقَالَ ابْنُ عُمَرَ: لَا يُحْلَفُ بِغَيْرِ اللَّهِ، فَإِنِّي سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«مَنْ حَلَفَ بِغَيْرِ اللهِ فَقَدْ كَفَرَ أَوْ أَشْرَكَ».

[صحيح] - [رواه أبو داود والترمذي وأحمد] - [سنن الترمذي: 1535]
المزيــد ...

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ এজন ব্যক্তিক এইদৰে কোৱা শুনিলে যে, কা'বাৰ শপত। তৎক্ষণাত ইবনে ওমৰে ক'লেঃ আল্লাহৰ বাহিৰে আন কাৰো শপত খোৱা উচিত নহয়। কিয়নো মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।

[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)] - [ছুনান তিৰমিজী - 1535]

ব্যাখ্যা

হাদীছটোৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে আল্লাহৰ বাহিৰে তথা তেওঁৰ নাম আৰু গুণাৱলীৰ বাহিৰে আন কাৰো শপত কৰে, সি দৰাচলতে কুফৰী কৰে নাইবা শ্বিৰ্ক কৰে। কাৰণ শপত খোৱাৰ অৰ্থ হৈছে শপতকাৰীয়ে তাক অত্যন্ত তাজীম কৰে তথা খুবেই মহান বুলি গণ্য কৰে। পক্ষান্তৰে সৰ্বোচ্চ মহান সত্ত্বা তথা তাজীমৰ একমাত্ৰ হকদাৰ হৈছে আল্লাহ তাআলা। গতিকে আল্লাহৰ বাহিৰে তথা তেওঁৰ আচমা (নাম) অচ্ছিফাত (গুণাৱলী)ৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়। এই শপত হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক হিচাপে বিবেচিত। কিন্তু যদি কোনোবাই শপত খোৱা বস্তুটোক আল্লাহৰ সমান অথবা তাতকৈ বেছি সন্মান কৰে তেন্তে তেতিয়া সেইটো শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক হিচাপে গণ্য হয়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শপতৰ জৰিয়তে তাজীম বা সন্মান পোৱাৰ একমাত্ৰ অধিকাৰী হৈছে মহান আল্লাহ। সেয়ে আল্লাহৰ সত্ত্বা, তেওঁৰ সুন্দৰ সুন্দৰ নাম আৰু তেওঁৰ গুণাৱলীৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়।
  2. সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা মানুহক বাধা দিয়াৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল। বিশেষকৈ যদি সেই অসৎকৰ্মটো হয় শ্বিৰ্ক অথবা কুফৰ সম্পৰ্কীয়, তেন্তে সেইটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
অধিক