عن أنس بن مالك رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«إِنَّ اللهَ لَيَرْضَى عَنِ الْعَبْدِ أَنْ يَأْكُلَ الْأَكْلَةَ فَيَحْمَدَهُ عَلَيْهَا، أَوْ يَشْرَبَ الشَّرْبَةَ فَيَحْمَدَهُ عَلَيْهَا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2734]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2734]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, বান্দাই যেতিয়া আল্লাহৰ অনুগ্ৰহ আৰু নিয়ামত উপভোগ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰে তেতিয়া আল্লাহ সন্তুষ্ট হয়। যেনে- আহাৰ কৰাৰ পিছত আলহাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰাৰ পিছতো আলহামদুলিল্লাহ কয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আল্লাহ অত্যন্ত দয়ালু তাৰেই প্ৰমাণ। কাৰণ তেৱেঁই জীৱিকা প্ৰদান কৰি ধন্য কৰিছে আৰু ইয়াৰ প্ৰশংসা কৰিলে তেওঁ সন্তুষ্টও হয়।
  2. সৰু সুৰা কামৰ জৰিয়তেও আল্লাহৰ সন্তুষ্টি লাভ কৰিব পাৰি। যেনে- পানাহাৰ কৰাৰ পিছত আল্লাহৰ চুকৰিয়া আদায় কৰা।
  3. পানাহাৰ কৰাৰ এইটো এটা অন্যতম নীতি যে, খোৱা-বোৱা কৰাৰ পিছত আলহাম্দুলিল্লাহ বুলি কৈ আল্লাহৰ প্ৰশংসা কৰিব লাগে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (64)
অধিক