শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم كان يقول:
«الصَّلَوَاتُ الْخَمْسُ، وَالْجُمُعَةُ إِلَى الْجُمُعَةِ، وَرَمَضَانُ إِلَى رَمَضَانَ، مُكَفِّرَاتٌ مَا بَيْنَهُنَّ إِذَا اجْتَنَبَ الْكَبَائِرَ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 233]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 233]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ পঢ়িলে আৰু প্ৰতি সপ্তাহত জুমাৰ চালাত আদায় কৰিলে, লগতে প্ৰতি বছৰ ৰমাজান মাহৰ ৰোজা ৰাখিলে, ইয়াৰ মধ্যৱৰ্তী সময়ছোৱাত যিবোৰ চাগীৰাহ বা সৰু গুনাহ হয় সেইবোৰ মাফ হৈ যায়, যদিহে ব্যক্তিজনে কাবীৰাহ বা ডাঙৰ গুনাহৰ পৰা বিৰত থাকে। আনহাতে ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদিৰ দৰে কাবীৰাহ গুনাহবোৰ তাওবা নকৰাকৈ ক্ষমা নহয়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গুনাহৰ শ্ৰেণী বিভাগ আছে, কিছুমান সৰু আৰু কিছুমান হৈছে ডাঙৰ।
  2. ডাঙৰ গুনাহৰ পৰা আঁতৰি থাকিলেহে সৰু গুনাহবোৰ মাৰ্জিত হয়।
  3. সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বুলি কোৱা হয় যিবোৰ গুনাহৰ বাবে এই পৃথিৱীতেই শাস্তি নিৰ্ধাৰণ কৰা আছে, অথবা আখিৰাতত শাস্তি বা
  4. তাৰ ওপৰত আল্লাহ অসন্তুষ্ট হ'ব বুলি সতৰ্কবাণী দিয়া হৈছে, নাইবা ভৰ্ৎসনা কৰা হৈছে অথবা কৰ্তাৰ প্ৰতি অভিশাপ কৰা হৈছে। যেনে- ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদি।
অধিক