+ -

عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال:
«كُلُّ أُمَّتِي يَدْخُلُونَ الْجَنَّةَ إِلَّا مَنْ أَبَى»، قَالُوا: يَا رَسُولَ اللهِ، وَمَنْ يَأْبَى؟ قَالَ: «مَنْ أَطَاعَنِي دَخَلَ الْجَنَّةَ، وَمَنْ عَصَانِي فَقَدْ أَبَى».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 7280]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব", চাহাবাসকলে সুধিলে- হে আল্লাহৰ ৰাছুল, কোনে অস্বীকাৰ কৰিব? তেখেতে ক'লেঃ যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে মোৰ অবাধ্যতা কৰিব, সেইজনহে দৰাচলতে অস্বীকাৰ কৰিব।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 7280]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়েই জান্নাতত প্ৰৱেশ কৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব।
চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব?
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰিব তথা অনুসৰণ আৰু অনুকৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে অবাধ্যতা কৰিব তথা চৰীয়তৰ আনুগত্য নকৰিব, সি দৰাচলতে নিজৰ পাপ কৰ্মৰ জৰিয়তে জান্নাতত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰাছুলৰ আনুগত্য কৰা মানে আল্লাহৰ আনুগত্য কৰা, আৰু ৰাছুলৰ অবাধ্যতা কৰা মানে আল্লাহৰ অবাধ্যতা কৰা।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য হৈছে জান্নাতত প্ৰৱেশৰ কাৰণ, আৰু তেখেতৰ অবাধ্যতা হৈছে জাহান্নামত প্ৰৱেশৰ কাৰণ।
  3. হাদীছটোত এই উম্মতৰ আনুগত্যশীল লোকসকলক সুসংবাদ প্ৰদান কৰা হৈছে যে, তেওঁলোক আটায়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰে।
  4. উম্মতৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আছিল আৰু তেওঁলোকৰ হিদায়তৰ প্ৰতি তেখেত খুবেই আগ্ৰহী আছিল।
অধিক