+ -

عن ابن مسعود رضي الله عنه قال: قال النبي صلى الله عليه وسلم:
«الْجَنَّةُ أَقْرَبُ إِلَى أَحَدِكُمْ مِنْ شِرَاكِ نَعْلِهِ، وَالنَّارُ مِثْلُ ذَلِكَ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 6488]
المزيــد ...

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
জান্নাত হৈছে তোমালোকৰ জুতাৰ ফিতাতকৈও অধিক নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 6488]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, জান্নাত আৰু জাহান্নাম হৈছে মানুহৰ নিচেই ওচৰত, জুতাৰ ফিতাতকৈও ওচৰত, যিদৰে জুতাৰ ফিতা ভৰিৰ ওপৰি ভাগত থাকে। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে আল্লাহৰ আনুগত্য কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যিয়ে গুনাহত লিপ্ত হ'ব সি জাহান্নামত প্ৰৱেশ কৰিব।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কল্যাণকৰ কাম কৰিবলৈ উৎসাহ দিয়া হৈছে যদিও সেয়া পৰিমাণত কম হওক। পক্ষান্তৰে বেয়া কৰ্মৰ পৰা সতৰ্ক কৰা হৈছে যদিও সেয়া পৰিমাণত কম হওক।
  2. প্ৰতিজন মুছলিমে আশা আৰু ভয়ৰ সমন্বয় ৰাখি জীৱন-যাপন কৰা উচিত। লগতে নিৰাপদ থাকিবলৈ তথা সত্যৰ ওপৰত অবিচল থাকিবলৈ সদায় আল্লাহৰ ওচৰত দুআ কৰা উচিত, যাতে অৱস্থা পৰিবৰ্তন হ'লে প্ৰৱঞ্চিত নহয়।
অধিক