শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عن خَولة الأنصاريةِ رضي الله عنها قالت: سمعت النبي صلى الله عليه وسلم يقول:
«إِنَّ رِجَالًا يَتَخَوَّضُونَ فِي مَالِ اللهِ بِغَيْرِ حَقٍّ، فَلَهُمُ النَّارُ يَوْمَ الْقِيَامَةِ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 3118]
المزيــد ...

খাওলাহ আল-আনচাৰিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই শুনিছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 3118]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত মুছলিমসকলৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰা আৰু অন্যায়ভাৱে গ্রহণ কৰা সম্পৰ্কে উল্লেখ কৰিছে। এইটো অন্যায়ভাৱে সম্পদ জমা কৰা আৰু অসৎ পথেৰে উপাৰ্জন কৰা তথা অনুচিত ঠাইত ব্যয় কৰা ইত্যাদি সকলো ক্ষেত্রতে ব্যাপক অৰ্থত ব্যৱহৃত হৈছে। লগতে এতীমৰ সম্পদ ভক্ষণ কৰা, ওৱাকফকৃত সম্পদ ভক্ষণ কৰা, আমানত ওভোতাই দিবলৈ অস্বীকাৰ কৰা, তথা জনসাধাৰণৰ সম্পদ অন্যায়ভাৱে গ্রাস কৰা ইত্যাদি সকলো বিষয় এই হাদীছৰ অন্তৰ্ভুক্ত।
এইবোৰ উল্লেখ কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ'ব জাহান্নাম।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মানুহৰ ওচৰত যিবোৰ সম্পদ আছে সেইবোৰ মূলতে আল্লাহৰেই সম্পদ। আল্লাহে সিহঁতক প্রতিনিধি বনাইছে, সিহঁতে যেন উক্ত সম্পদ চৰীয়তসন্মত উপায়েৰে ব্যয় কৰে আৰু অন্যায়ভাৱে ব্যয় কৰাৰ পৰা বিৰত থাকে। ইয়াৰ ভিতৰত সাধাৰণ মানুহ আৰু শাসক সকলোৱে অন্তৰ্ভুক্ত।
  2. ৰাজহুৱা সম্পদৰ বিষয়ে ইছলামী চৰীয়তে অধিক কঠোৰতা অৱলম্বন কৰিছে। সিহঁতৰ মাজৰ যিয়েই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব, কিয়ামতৰ দিনা তাক এইবোৰ সম্পদৰ সংৰক্ষণ আৰু ব্যয় সম্পৰ্কে জবাবদিহি কৰা হ'ব।
  3. যিসকলে নিজৰ বা আনৰ কোনো সম্পদ অন্যায়ভাৱে অৰ্জন কৰে বা ব্যয় কৰে সিহঁতেও এই সতৰ্কবাণীৰ অন্তৰ্ভুক্ত।
অধিক