عن أبي بَكرة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول:
«إِذَا الْتَقَى الْمُسْلِمَانِ بِسَيْفَيْهِمَا فَالْقَاتِلُ وَالْمَقْتُولُ فِي النَّارِ»، فَقُلْتُ: يَا رَسُولَ اللهِ هَذَا الْقَاتِلُ، فَمَا بَالُ الْمَقْتُولِ؟ قَالَ: «إِنَّهُ كَانَ حَرِيصًا عَلَى قَتْلِ صَاحِبِهِ».
المزيد
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।" মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! হত্যাকাৰী জাহান্নামত যাব (এইটো বাৰু বুজিলোঁ) কিন্তু নিহত ব্যক্তি কিয় জাহান্নামত যাব? তেখেতে ক'লেঃ "কাৰণ সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ ইচ্ছুক আছিল।"