+ -

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«قَالَ اللهُ تَبَارَكَ وَتَعَالَى: أَنَا أَغْنَى الشُّرَكَاءِ عَنِ الشِّرْكِ، مَنْ عَمِلَ عَمَلًا أَشْرَكَ فِيهِ مَعِي غَيْرِي تَرَكْتُهُ وَشِرْكَهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2985]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2985]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ তাআলাই কৈছেঃ নিশ্চয় তেওঁ অংশীদাৰকাৰীসকলৰ অংশীদাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। তেওঁ সকলো বস্তুৰ পৰা অমুখাপেক্ষী। মানুহে যেতিয়া কোনো নেক কাম কৰে আৰু সেই আমলত আল্লাহৰ লগত আনকো যদি চামিল কৰে তেন্তে আল্লাহে সেই আমলক পৰিত্যাগ কৰে আৰু সেইটো কবূল নকৰে, আৰু আমলকাৰীৰ পিনে সেই আমল দলিয়াই দিয়ে। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আমল কৰিব লাগে। কাৰণ আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে আন কোনো আমল গ্ৰহণ নকৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সকলো প্ৰকাৰৰ শ্বিৰ্কৰ পৰা আঁতৰি থকা উচিত। শ্বিৰ্ক হৈছে আমল কবুল হোৱাৰ প্ৰতিবন্ধক।
  2. এইটো সদায় মনত ৰখা উচিত যে, মহান আল্লাহ তাআলা হৈছে অমুখাপেক্ষী। তেতিয়াহে নিৰ্ভেজাল তথা ইখলাচ সহকাৰে আমল কৰাত সহায়ক হ'ব।
অধিক