শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عن جُبَير بن مُطْعِم رضي الله عنه أنه سمع النبي صلى الله عليه وسلم يقول:
«لَا يَدْخُلُ الْجَنَّةَ قَاطِعُ رَحِمٍ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 2556]
المزيــد ...

জুবাইৰ বিন মুতয়িম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
“আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰী জান্নাতত প্রৱেশ নকৰিব।”

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2556]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আত্মীয়-স্বজনৰ প্রাপ্ত অধিকাৰ আদায় নকৰে আৰু সিহঁতক কষ্ট দিয়াৰ মাধ্যমত আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰে সি জান্নাতত প্রৱেশৰ উপযুক্ত নহয়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰাটো হৈছে অন্যতম এটা কবীৰাহ গুনাহ।
  2. প্রচলিত নিয়ম অনুযায়ী আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে। গতিকে স্থান, কাল আৰু ব্যক্তিভেদে ইয়াৰ ধৰণো বেলেগ বেলেগ হ'ব।
  3. সাক্ষাৎ, দান-খয়ৰাত, সদ্ব্যৱহাৰ আদিৰ দ্বাৰা আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে, অসুস্থ হ'লে সেৱা কৰিব লাগে, লগতে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ মাধ্যমতো আত্মীয়তাৰ সম্পৰ্ক বজাই ৰাখিব লাগে।
  4. আত্মীয়তাৰ সম্পৰ্ক যিমানেই ওচৰৰ হ'ব, সেই অনুপাতেই সম্পৰ্ক ছিন্ন কৰাৰ গুনাহো অধিক হ'ব।
অধিক