+ -

عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم:
«اللهُمَّ لَا تَجْعَلْ قَبْرِي وَثَنًا، لَعَنَ اللهُ قَوْمًا اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ».

[صحيح] - [رواه أحمد] - [مسند أحمد: 7358]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।

[ছহীহ] - [(আহমদ)] - [মুছনাদ আহমদ - 7358]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দুআ কৰিছে যে, তেখেতৰ কবৰক যেন মূৰ্তিৰূপে ব্যৱহাৰ কৰা নহয়, মূৰ্তিক যিদৰে মানুহে সন্মান কৰি উপাসনা কৰে, তথা সন্মুখত ৰাখি ছাজদাহ কৰে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে সেইসকল লোকক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰিছে, যিসকলে নবীসকলৰ কবৰক মছজিদ বনাই লৈছে। কিয়নো কবৰক মছজিদত পৰিণত কৰাটো হৈছে তাৰ ইবাদত কৰা আৰু তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী আৰু পূণ্যৱান লোকসকলৰ কবৰৰ ক্ষেত্ৰত চৰীয়তৰ সীমা উলংঘা কৰা বিষয়টোৱে আল্লাহৰ বাহিৰে সেই কবৰসমূহক উপাসনা কৰাৰ বাট মুকলি কৰি দিয়ে। গতিকে শ্বিৰ্ক হ'ব পৰা সকলো মাধ্যমৰ পৰা সতৰ্ক থকা অনিবাৰ্য।
  2. কোনো কবৰক সন্মান জনোৱাৰ উদ্দেশ্যে অথবা তাত ইবাদত কৰাৰ উদ্দেশ্য যোৱাটো কেতিয়াও বৈধ নহয়। যদিও সেই কবৰৰ অধিবাসীজন আল্লাহৰ যিমানেই নৈকট্যপ্ৰাপ্ত নহওক কিয়।
  3. কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হাৰাম।
  4. কবৰৰ ওচৰত নামাজ আদায় কৰা হাৰাম, তাত মছজিদ থাকক বা নাথাকক। কেৱল সেই ব্যক্তিৰ জানাজা পঢ়িব পাৰি যাৰ জানাজা পঢ়া হোৱা নাছিল।
অধিক