+ -

عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال:
«لَيْسَ الشَّدِيدُ بِالصُّرَعَةِ، إِنَّمَا الشَّدِيدُ الَّذِي يَمْلِكُ نَفْسَهُ عِنْدَ الْغَضَبِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6114]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6114]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, শাৰীৰিক শক্তিয়েই প্ৰকৃত শক্তি নহয় অথবা কুস্তিত কাৰোবাক পৰাজিত কৰাটোৱে শক্তিশালী হোৱাৰ পৰিচয় নহয়; বৰং প্রকৃত শক্তিশালী হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম। কিয়নো ইয়াৰ দ্বাৰা তেওঁ নিজৰ নফছক নিয়ন্ত্ৰণ কৰিব পাৰে বুলি প্ৰমাণ পোৱা যায় আৰু চয়তানক পৰাজিত কৰাৰো প্ৰমাণ পোৱা যায়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত ক্রোধৰ সময়ত ধৈৰ্য্য আৰু আত্মনিয়ন্ত্রণৰ গুৰুত্ব বৰ্ণিত হৈছে। এইটো হৈছে সৎকৰ্মৰ অন্তৰ্ভুক্ত, যিটোৰ প্ৰতি ইছলামে উৎসাহিত কৰিছে।
  2. ক্রোধৰ সময়ত আত্মনিয়ন্ত্রণ কৰাটো জিহাদৰ ময়দানত শত্রুৰ সৈতে মোকাবিলা কৰাতকৈও কঠিন।
  3. ইছলামে অজ্ঞতা যুগৰ শক্তিশালীৰ পৰিভাষাটোক উত্তম চৰিত্রৰ দ্বাৰা পৰিবৰ্তন কৰিছে। গতিকে আটাইতকৈ শক্তিশালী ব্যক্তি হৈছে সেইজন, যিয়ে নিজৰ নফছক নিয়ন্ত্রণ কৰিব পাৰে।
  4. ক্রোধৰ পৰা বিৰত থকা বাঞ্চনীয়। কিয়নো ক্রোধৰ কাৰণে ব্যক্তি আৰু সমাজ জীৱনত নানা ধৰণৰ ক্ষতি হয়।
অধিক