عَنْ أَنَسٍ رَضِيَ اللَّهُ عَنْهُ، قَالَ: لَأُحَدِّثَنَّكُمْ حَدِيثًا سَمِعْتُهُ مِنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لاَ يُحَدِّثُكُمْ بِهِ أَحَدٌ غَيْرِي: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِنَّ مِنْ أَشْرَاطِ السَّاعَةِ أَنْ يُرْفَعَ العِلْمُ، وَيَكْثُرَ الجَهْلُ، وَيَكْثُرَ الزِّنَا، وَيَكْثُرَ شُرْبُ الخَمْرِ، وَيَقِلَّ الرِّجَالُ، وَيَكْثُرَ النِّسَاءُ حَتَّى يَكُونَ لِخَمْسِينَ امْرَأَةً القَيِّمُ الوَاحِدُ».  
                        
[صحيح] - [متفق عليه] - [صحيح البخاري: 5231]
                        
 المزيــد ... 
                    
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই তোমালোকক এনেকুৱা এটা হাদীছ পাঠ কৰি নুশুনামনে, যিটো মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, মোৰ বাহিৰে কোনেও তোমালোকক এইটো হাদীছ বৰ্ণনা নকৰিব, যিটো কেৱল মইহে ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ। 
                                                     
                                                                                                    
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5231]                                            
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, কিয়ামতৰ পূৰ্বে চৰীয়তৰ জ্ঞান উঠাই লোৱা হ'ব, আৰু এইটো হ'ব বিজ্ঞ আলিমসকলক মৃত্যু প্ৰদান কৰাৰ মাধ্যমত। ইয়াৰ ফলত অজ্ঞানতা বৃদ্ধি পাব, অশ্লীলতা আৰু ব্যভিচাৰ প্ৰসাৰিত হ'ব, মাদক দ্ৰৱ্য সেৱন বৃদ্ধি হ'ব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বাঢ়িব, আনকি এনেকুৱা এটা পৰ্যায় পাবগৈ যে, এজন পুৰুষে পঞ্চাচজনী নাৰীৰ দায়ত্বভাৰ লবলগীয়া হ'ব।