উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

আল্লাহৰ ৰাছুলে যি হাৰাম কৰিছে নিশ্চিতভাৱে সেইটো সেইদৰেই হাৰাম যিদৰে আল্লাহে হাৰাম কৰিছে।
عربي ইংৰাজী ফৰাচী
এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।
عربي ইংৰাজী ফৰাচী
কিয়ামতৰ অন্যতম আলামত হৈছে, ইল্ম (জ্ঞান) উঠাই লোৱা হ'ব, অজ্ঞানতা প্ৰসাৰিত হ'ব, জিনা তথা ব্যভিচাৰ বেছি হ'ব, মাদক দ্ৰৱ্য সেৱনকাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বৃদ্ধি পাব, আনকি প্ৰতি পঞ্চাচজনী নাৰীৰ তত্ত্বাৱধায়ক হ'ব কেৱল এজন পুৰুষ।
عربي ইংৰাজী ফৰাচী
ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।
عربي ইংৰাজী ফৰাচী
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
عربي ইংৰাজী ফৰাচী
সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।
عربي ইংৰাজী ফৰাচী
সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব,
عربي ইংৰাজী ফৰাচী
সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব,
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিষয় বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লেঃ এইটো ইল্ম উঠাই লোৱাৰ সময়ত সংঘটিত হ'ব।
عربي ইংৰাজী ফৰাচী
শেষ জামানাত মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে তোমালোকক এনেকুৱা এনেকুৱা হাদীছ শুনাব যিবোৰ তোমালোকেও শুনা নাই আৰু তোমালোকৰ পূৰ্বপূৰুষেও শুনা নাই। গতিকে তোমালোকে সিহঁতৰ পৰা আঁতৰি থাকিবা আৰু সিহঁতকো তোমালোকৰ পৰা দূৰত ৰাখিবা।
عربي ইংৰাজী ফৰাচী