+ -

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لاَ تَقُومُ السَّاعَةُ حَتَّى تُقَاتِلُوا اليَهُودَ، حَتَّى يَقُولَ الحَجَرُ وَرَاءَهُ اليَهُودِيُّ: يَا مُسْلِمُ، هَذَا يَهُودِيٌّ وَرَائِي فَاقْتُلْهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 2926]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2926]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, ইয়াহুদী আৰু মুছলিমসকলৰ মাজত মহাৰণ নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। অৱশেষত ইয়াহুদীসকলে মুছলিমসকলৰ পৰা পলায়ন কৰি শিলৰ আঁৰত লুকাব। ফলত আল্লাহে শিলকো বাক শক্তি প্ৰদান কৰিব আৰু সি মুছলিমক মাতি ক'ব যে, তাৰ পিছফালে ইয়াহুদী লুকাই আছে, আহি হত্যা কৰাহি।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গায়েব তথা ভৱিষ্যত সম্পৰ্কীয় কিছুমান খবৰ দিছে, যিবোৰৰ বিষয়ে আল্লাহে তেখেতক অৱগত কৰাইছে, আৰু এইবোৰ নিশ্চিতভাৱে সংঘটিত হ'ব।
  2. ইয়াহুদী আৰু মুছলিমসকলৰ মাজৰ এই ৰণ শেষ জামানাত সংঘটিত হ'ব, যিটোক কিয়ামতৰ আলামত হিচাপে উল্লেখ কৰা হৈছে।
  3. হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, ইছলাম ধৰ্মটো কিয়ামত পৰ্যন্ত অৱশিষ্ট থাকিব, লগতে ই সকলো ধৰ্মৰ ওপৰত বিজয় লাভ কৰিব।
  4. এই কথাও বুজা গ'ল যে, মুছলিমসকলৰ শত্ৰুক পৰাস্ত কৰিবলৈ আল্লাহে তেওঁলোকক সহায় কৰিব, সেইকাৰণে শেষ জামানাত শিলেও কথা ক'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক