+ -

عَنْ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ الْعَاصِ رضي الله عنهما قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِنَّ الْإِيمَانَ لَيَخْلَقُ فِي جَوْفِ أَحَدِكُمْ كَمَا يَخْلَقُ الثَّوْبُ الْخَلِقُ، فَاسْأَلُوا اللَّهَ أَنْ يُجَدِّدَ الْإِيمَانَ فِي قُلُوبِكُمْ».

[صحيح] - [رواه الحاكم والطبراني] - [المستدرك على الصحيحين: 5]
المزيــد ...

আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।

[ছহীহ] - [(হাকিম, তাবৰাণী)] - [মুস্তাদৰাক আলাচ ছহীহাইন - 5]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ অন্তৰত থকা ঈমানো পুৰণি হয় তথা দুৰ্বল হয়, যিদৰে এটা নতুন কাপোৰ দীৰ্ঘ দিন ব্যৱহাৰ কৰিলে দুৰ্বল হৈ পৰে। ইয়াৰ অন্যতম কাৰণ হৈছে ইবাদতত অৱহেলা কৰা, পাপকৰ্মত লিপ্ত হোৱা আৰু প্ৰবৃত্তিৰ চাহিদাৰ ফালে মোহিত হৈ থকা। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিশ-নিৰ্দেশনা দি কৈছে, আমি যেন আমাৰ ঈমান নবীকৰণ কৰিবলৈ আল্লাহৰ ওচৰত দুআ কৰোঁ, ফৰজ বিধানবোৰ পালন কৰোঁ, লগতে বেছি বেছি জিকৰ-আজকাৰ আৰু ইস্তিগফাৰ পাঠ কৰোঁ।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ঈমান নবীকৰণ কৰিবলৈ আৰু ঈমানৰ ওপৰত অটল থাকিবলৈ উক্ত হাদীছটোত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. স্বীকাৰোক্তি, আমল আৰু বিশ্বাস, এই তিনিটাৰ সমষ্টিয়ে হৈছে ঈমান। সৎকৰ্ম কৰিলে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্ম কৰিলে ঈমান হ্ৰাস হয়।
অধিক