عَنِ ابْنِ عُمَرَ رضي الله عنهما عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ:
«مَثَلُ الْمُنَافِقِ، كَمَثَلِ الشَّاةِ الْعَائِرَةِ بَيْنَ الْغَنَمَيْنِ تَعِيرُ إِلَى هَذِهِ مَرَّةً وَإِلَى هَذِهِ مَرَّةً».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2784]
المزيــد ...

আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুনাফিকৰ উদাহৰণ হৈছে সেইজনী ছাগলীৰ দৰে, যিজনী ছাগলীয়ে দুটা জাকৰ মাজত উদ্ভ্ৰান্তভাৱে ঘূৰি থাকে, এবাৰ ইফালে যায়, এবাৰ সিফালে যায়।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2784]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ অৱস্থা বৰ্ণনা কৰি কৈছে যে, মুনাফিক ব্যক্তি হৈছে সেই উদ্ভ্ৰান্ত ছাগলীৰ দৰে, যি ছাগলীয়ে নাজানে যে কোনটো জাকৰ সৈতে যোৱা উচিত। যিজনী ছাগলী কেতিয়াবা ইটো জাকত সোমায়, আকৌ কেতিয়াবা সিটো জাকত সোমায়। সিহঁত ঈমান আৰু কুফৰৰ মাজত উদ্ভ্ৰান্ত হৈ থাকে। সেয়ে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে সিহঁত মুমিনসকলৰ লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে মুমিনসকলৰ সৈতে থাকে আৰু আভ্যন্তৰীণভাৱে সন্দেহ তথা সংশয়ত পতিত হৈ থাকে। সেয়ে কেতিয়াবা ইপিনে ঢাপলি মেলে আকৌ কেতিয়াবা সিপিনে ঢাপলি মেলে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি।
  2. হাদীছটোত এই কথা স্পষ্ট কৰা হৈছে যে, মুনাফিকসকল সদায় সন্দেহ সংশয়ত পতিত হৈ থাকে। সিহঁত স্থিতিশীল নহয়।
  3. হাদীছটোৰ দ্বাৰা মুনাফিকসকলৰ অৱস্থাৰ পৰা সতৰ্ক কৰা হৈছে, লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে সত্যতা তথা দৃঢ় ঈমানৰ সংকল্প পোষণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
শ্ৰেণীবিন্যাসসমূহ
অধিক