+ -

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَنْ يُرِدِ اللهُ بِهِ خَيْرًا يُصِبْ مِنْهُ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 5645]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দুখ-কষ্টত পেলায়।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 5645]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা উল্লেখ কৰিছে যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ পৰা যাৰ কল্যাণ বিচাৰে তাক তেওঁ বিভিন্ন ধৰণে পৰীক্ষা কৰে, বেমাৰ আজাৰ, ধন-সম্পদৰ ক্ষতি অথবা পৰিয়ালৰ ফালৰ পৰা কষ্ট প্ৰদান কৰি পৰীক্ষা কৰে, যাতে মুমিন ব্যক্তিয়ে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি দুআ কৰে আৰু গুনাহ মাৰ্জনাৰ কাৰণে লগতে মৰ্যাদা উন্নীত হোৱাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুমিন ব্যক্তিক বিভিন্ন প্ৰকাৰৰ বিপদ আপদৰ দ্বাৰা পৰীক্ষা কৰা হয়।
  2. বিপদ-আপদে কেতিয়াবা এইটো ইংগিত কৰে যে সেই বান্দাজনক আল্লাহে ভাল পায়, তেতিয়া বান্দাৰ মর্যাদা বৃদ্ধি কৰা হয় আৰু তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হয়।
  3. বিপদ-আপদৰ সময়ত অধৈৰ্য্য হ'বলৈ নিষেধ কৰা হৈছে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
অধিক