كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَسِيرُ فِي طَرِيقِ مَكَّةَ، فَمَرَّ عَلَى جَبَلٍ يُقَالُ لَهُ جُمْدَانُ، فَقَالَ: «سِيرُوا هَذَا جُمْدَانُ، @سَبَقَ الْمُفَرِّدُونَ*» قَالُوا: وَمَا الْمُفَرِّدُونَ يَا رَسُولَ اللهِ؟ قَالَ: «الذَّاكِرُونَ اللهَ كَثِيرًا وَالذَّاكِرَاتُ».
[صحيح] - [رواه مسلم]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"
صحيح - رواه مسلم
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলৰ মৰ্যাদা বৰ্ণনা কৰিছে যে, তেওঁলোকে বেলেগৰ পৰা পৃথক হৈ জান্নাতত সুউচ্চ মৰ্যাদা অৰ্জনৰ ক্ষেত্ৰত অগ্ৰগামী হৈছে। তেখেতে এই বিষয়টোক জুমদান পাহাৰৰ সৈতে ৰিজাইছে, অৰ্থাৎ যিদৰে জুমদান পাহাৰ অন্যান্য পাহাৰতকৈ বেলেগ, ঠিক সেইদৰে জিকৰ-আজকাৰকাৰী লোকসকলো মৰ্যাদাৰ ক্ষেত্ৰত বেলেগ।