+ -

عن أبي هريرة رضي الله عنه: أن رسول الله صلى الله عليه وسلم قال:
«لَا تَجْعَلُوا بُيُوتَكُمْ مَقَابِرَ، إِنَّ الشَّيْطَانَ يَنْفِرُ مِنَ الْبَيْتِ الَّذِي تُقْرَأُ فِيهِ سُورَةُ الْبَقَرَةِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 780]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 780]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰক নামাজ আদিৰ পৰা খালি ৰাখিবলৈ নিষেধ কৰিছে, যাতে ঘৰখন কবৰস্থানত পৰিণত নহয়, কাৰণ কবৰস্থানতহে নামাজ পঢ়া নহয়।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, চয়তান প্ৰত্যেক সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ঘৰত বেছি বেছি ইবাদত কৰা আৰু নফল চালাত আদায় কৰা মুস্তাহাব।
  2. কবৰস্থানত নামাজ পঢ়া বৈধ নহয়, কাৰণ এইটো হৈছে শ্বিৰ্কৰ এটা মাধ্যম, লগতে এইটো হৈছে কবৰস্থ ব্যক্তিৰ ক্ষেত্ৰত এক প্ৰকাৰ সীমালংঘন। কিন্তু জানাজা পঢ়াৰ বিষয়টো সুকীয়া।
  3. কবৰস্থানত যে নামাজ পঢ়া বৈধ নহয় এই কথাটো চাহাবাসকলে ভালকৈয়ে জানিছিল, সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কবৰস্থানৰ কথা উল্লেখ কৰি বুজাইছে যে, তোমালোকে ঘৰত নামাজ নপঢ়ি ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা।
অধিক