عَنْ أَبِي مُحَمَّدٍ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ العَاصِ رَضِيَ اللَّهُ عَنْهُمَا، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا يُؤْمِنُ أَحَدُكُمْ حَتَّى يَكُونَ هَوَاهُ تَبَعًا لِمَا جِئْتُ بِهِ».
[قال النووي: حديث صحيح] - [رويناه في كتاب الحجة بإسناد صحيح] - [الأربعون النووية: 41]
المزيــد ...
আবু মুহাম্মদ আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।"
-
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, মানুহে তেতিয়ালৈকে প্ৰকৃত ঈমানৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁৰ কামনা-বাসনা তথা প্ৰবৃত্তিৰ চাহিদা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ দিশ-নিৰ্দেশনা অনুযায়ী নহ'ব। অৰ্থাৎ যেতিয়ালৈকে তেখেতৰ আদেশক ভাল নাপাব আৰু নিষেধকৃত বস্তুক অপছন্দ নকৰিব।