عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو رَضِيَ اللَّهُ عَنْهُمَا عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«المُسْلِمُ مَنْ سَلِمَ المُسْلِمُونَ مِنْ لِسَانِهِ وَيَدِهِ، وَالمُهَاجِرُ مَنْ هَجَرَ مَا نَهَى اللَّهُ عَنْهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 10]
المزيــد ...

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 10]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুছলিম হৈছে সেইজন, যিয়ে কাকো গালি নাপাৰে, অভিশাপ নকৰে আৰু কাৰো সমালোচনা নকৰে, আনকি জিভাৰ দ্বাৰা কাকো কোনো ধৰণৰ কষ্ট নিদিয়ে। এইদৰে হাতৰ দ্বাৰাও কাৰো প্ৰতি অন্যায়-অত্যাচাৰ নকৰে, তথা বিনা কাৰণত কাৰো সম্পদ অন্যায়ভাৱে নলয়, বা এনেকুৱা ধৰণৰ কোনো কাম নকৰে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহে হাৰাম কৰা বস্তুৰ পৰা বা কৰ্মৰ পৰা বিৰত থাকে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আৰ্থিকভাৱে হওক বা নৈতিকভাৱে আনক কষ্ট দিয়া কৰ্মৰ পৰা বিৰত থকাৰ মাধ্যমতহে প্ৰকৃত মুছলিম হোৱা সম্ভৱ।
  2. হাদীছটোত কেৱল হাত আৰু জিভাৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, এই দুটাৰ দ্বাৰাই অধিকাংশ গুনাহ সংঘটিত হয়।
  3. হাদীছটোৰ দ্বাৰা গুনাহ পৰিত্যাগ কৰিবলৈ আৰু আল্লাহৰ বিধান মতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
  4. উত্তম মুছলিম হৈছে সেইজন, যিয়ে আল্লাহৰ অধিকাৰ আৰু মুছলিমসকলৰ অধিকাৰ সুচাৰুৰূপে পালন কৰে।
  5. অন্যায়-অত্যাচাৰ কথাৰ দ্বাৰাও হ'ব পাৰে আৰু কৰ্মৰ দ্বাৰাও হ'ব পাৰে।
  6. পৰিপূৰ্ণ হিজৰত হৈছে আল্লাহে হাৰাম কৰা বস্তুৰ পৰা হিজৰত কৰা।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)
অধিক