عن أنس رضي الله عنه : أن النبي صلى الله عليه وسلم ومعاذ رديفه على الرَّحْلِ، قال: «يا معاذ» قال: لبَّيْكَ يا رسول الله وسَعْدَيْكَ، قال: «يا معاذ» قال: لَبَّيْكَ يا رسول الله وسَعْدَيْكَ، قال: «يا معاذ» قال: لبَّيْكَ يا رسول اللهِ وسَعْدَيْكَ، ثلاثا، قال: «ما من عبد يشهد أن لا إله إلا الله، وأَنَّ محمدا عبده ورسوله صِدْقًا من قلبه إلَّا حرمه الله على النار» قال: يا رسول الله، أفلا أُخْبِر بها الناس فَيَسْتَبْشِرُوا؟ قال: «إِذًا يتكلوا» فأخبر بها معاذ عند موته تَأَثُّمًا.
[صحيح] - [متفق عليه]
المزيــد ...

আনাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, মু‘আজ ৰাদ্বিয়াল্লাহু আনহু যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বাহনত বহি আছিল, তেতিয়া তেখেতে তেওঁক ক’লে, ‘হে মু‘আজ!’ মু‘আজে ক’লে, "c2">“হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ আৰু আপোনাৰ খিদমতৰ বাবে প্রস্তুত আছোঁ”। তেখেতে (পুনৰ) ক’লে, ‘হে মু‘আজ!’ মু‘আজে ক’লে, "c2">“হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ আৰু আপোনাৰ খিদমতৰ বাবে প্রস্তুত আছোঁ”। তেখেতে (আকৌ) ক’লে, ‘হে মু‘আজ!’ মু‘আজে ক’লে, "c2">“হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ আৰু আপোনাৰ খিদমতৰ বাবে প্রস্তুত আছোঁ”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাষাৰ তিনিবাৰ কৈছিল। (ইয়াৰ পিছত) তেখেতে কৈছিল, "c2">“যি বান্দাই আন্তৰিকতাৰে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো (সত্য) উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।” (এই শুনি) মু‘আজ ৰাদ্বিয়াল্লাহু ‘আনহুৱে ক’লে, ‘হে আল্লাহৰ ৰাছুল! মই মানুহক এই বিষয়ে সংবাদ দি দিওঁনে? যাতে তেওঁলোকে (শুনি) আনন্দিত হয়।’ তেখেতে ক’লে, "c2">“(নালাগে) কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব (আৰু আমল ত্যাগ কৰি বহিব)।” অৱশেষত মু‘আজ ৰাদ্বিয়াল্লাহু আনহুৱে (ইল্ম গোপন ৰখাৰ) গুনাহৰ পৰা বাচিবলৈ মুত্যুৰ সময়ত (এই হাদীছটো) জনাই দিছিল।
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

মু‘আজ ৰাদ্বিয়াল্লাহু ‘আনহু এদিনাখন বাহনত ৰাছুলুল্লাহ চাল্লাল্লাহু অছাল্লামৰ পিছফালে বহি আছিল। সেই সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, হে মু‘আজ! মু‘আজ ৰাদ্বিয়াল্লাহু ‘আনহুৱে ক’লে, লাব্বাইক, হে আল্লাহৰ ৰাছুল! অছা‘আদাইক। অর্থাৎ উত্তৰৰ পিছত উত্তৰ আৰু আপোনাৰ আনুগত্য স্বীকৃত। (ছা‘আদাইক), অৰ্থাৎ আপোনাৰ আনুগত্য কৰিবলৈ প্রস্তুত, আনকি আপোনাক সহায় কৰাৰ পিছতো সহায় কৰিবলৈ প্রস্তুত। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আকৌ ক’লে, "c2">“হে মু‘আজ!” তেওঁ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ আৰু আপোনাৰ খিদমতৰ বাবে প্রস্তুত আছোঁ।’ তেখেতে পুনৰ ক’লে, "c2">“হে মু‘আজ!” তেওঁ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ আৰু আপোনাৰ খিদমতৰ বাবে প্রস্তুত আছোঁ।’ ইয়াৰ পিছত তেখেতে ক’লে, "c2">“যি বান্দাই আন্তৰিকতাৰে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো (সত্য) উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল, তাৰ বাবে আল্লাহে জাহান্নামৰ চিৰস্থায়ী শাস্তি হাৰাম কৰি দিব।” মু‘আজ ৰাদ্বিয়াল্লাহু ‘আনহুৱে ক’লে, ‘হে আল্লাহৰ ৰাছুল! মই মানুহৰ অন্তৰত সুখ আৰু আনন্দ আনিবলৈ এই সংবাদ দিব নোৱাৰোঁনে?। তেখেতে ক’লে, "c2">“নালাগে, এনে কৰিলে সিহঁতে ইয়াৰ ওপৰতেই ভৰসা কৰি বহি থাকিব আৰু আমল কৰা ত্যাগ কৰিব।” অৱশেষত মু‘আজ ৰাদ্বিয়াল্লাহু আনহুৱে ইল্ম গোপন ৰখাৰ গুনাহৰ পৰা বাচিবলৈ মুত্যুৰ সময়ত এই হাদীছটো বৰ্ণনা কৰি গৈছিল।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যদি কোনো হাদীছ বর্ণনা কৰিলে কোনো সমস্যা হোৱাৰ আশংকা দেখা দিয়ে অথবা উত্তম বিষয়ৰ পৰা বিৰত থকাৰ সম্ভাৱনা থাকে, তেন্তে সেয়া বর্ণনা নকৰি আঁতৰি থকা বৈধ।
  2. জীৱ-জন্তুক বাহন হিচাপে ব্যৱহাৰ কৰাৰ সময়ত পিছফালে বেলেগক বহুৱাই লোৱা বৈধ; যদি কোনো ক্ষতিৰ আশংকা নাথাকে।
  3. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টিত মু`আজ ৰাদ্বিয়াল্লাহু `আনহুৰ মর্যাদা আৰু তেওঁৰ প্ৰতি তেখেতৰ আন্তৰিকতাৰ বর্ণনা।
  4. প্রশ্নকাৰীৰ অন্তৰত কোনো সন্দেহ থাকিলে পুনৰ প্ৰশ্ন কৰা বৈধ।
  5. আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল- এই কথাৰ সাক্ষ্য দিয়াৰ চৰ্ত হৈছে, সাক্ষ্যদাতা সত্যবাদী হ’ব লাগিব, যাতে কোনো ধৰণৰ সন্দেহ নাথাকে আৰু সি যাতে মুনাফিকো নহয়।
  6. তাওহীদত বিশ্বাসীসকল কেতিয়াও জাহান্নামত চিৰস্থায়ী নহ’ব। যদিও তেওঁলোক নিজৰ গুনাহৰ ফলত জাহান্নামত প্রৱেশ কৰে। গুনাহ অনুপাতে শাস্তি হোৱাৰ পিছত তেওঁলোকক জাহান্নামৰ পৰা উলিয়াই অনা হ’ব।
অধিক