عَنْ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ:
قَدِمَ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سَبْيٌ، فَإِذَا امْرَأَةٌ مِنَ السَّبْيِ قَدْ تَحْلُبُ ثَدْيَهَا تَسْقِي، إِذَا وَجَدَتْ صَبِيًّا فِي السَّبْيِ أَخَذَتْهُ، فَأَلْصَقَتْهُ بِبَطْنِهَا وَأَرْضَعَتْهُ، فَقَالَ لَنَا النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَتُرَوْنَ هَذِهِ طَارِحَةً وَلَدَهَا فِي النَّارِ؟» قُلْنَا: لاَ، وَهِيَ تَقْدِرُ عَلَى أَلَّا تَطْرَحَهُ، فَقَالَ: «لَلَّهُ أَرْحَمُ بِعِبَادِهِ مِنْ هَذِهِ بِوَلَدِهَا».
[صحيح] - [متفق عليه] - [صحيح البخاري: 5999]
المزيــد ...
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কলেঃ "তোমালোকে ভাবানে এই মহিলাগৰাকীয়ে নিজৰ সন্তানক জুইত পেলাই দিব?"
আমি উত্তৰ দিলোঁ: "নাই, তাইৰ ক্ষমতা থাকিলেও তাই এই কাম নকৰিব।" তেতিয়া তেখেতে ক'লে:
"এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5999]
হাৱাঝিন গোত্ৰৰ কিছুমান যুদ্ধবন্দী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অনা হ’ল। তাৰে এগৰাকী মহিলাই নিজৰ শিশুৰ সন্ধানত ইফালে-সিফালে ঘূৰি আছিল। যেতিয়া তাই কোনো শিশুক দেখা পাইছিল, তাই তাক কোলাত লৈ স্তন্যপান কৰাইছিল – কাৰণ স্তনত গাখীৰ জমা হৈ তাইৰ অসুবিধা হৈছিল। শেষত তাই যুদ্ধবন্দীসকলৰ মাজত নিজৰ সন্তানটোক বিচাৰি পালে, তেতিয়া তাই তাক সজোৰে সাৱটি ধৰি নিজৰ পেটৰ সৈতে লগাই স্তন্যপান কৰাবলৈ ধৰিলে। এই দৃশ্য দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে: তোমালোকৰ ধাৰণা কি, এই মহিলাজনীয়ে নিজৰ সন্তানক অগ্নিত নিক্ষেপ কৰিবনে? আমি ক'লোঁঃ নহয়, ইচ্ছাকৃতভাৱে তাই এইটো কেতিয়াও নকৰিব। তেতিয়া তেখেতে ক'লেঃ এই মহিলাজনীয়ে নিজৰ সন্তানক যিমান ভাল পায়, মহান আল্লাহ তেওঁৰ মুছলিম বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।