عَن أبِي هُرَيْرَةَ رضي الله عنه قَالَ:
كُنَّا قُعُودًا حَوْلَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، مَعَنَا أَبُو بَكْرٍ، وَعُمَرُ فِي نَفَرٍ، فَقَامَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ بَيْنِ أَظْهُرِنَا، فَأَبْطَأَ عَلَيْنَا، وَخَشِينَا أَنْ يُقْتَطَعَ دُونَنَا، وَفَزِعْنَا، فَقُمْنَا، فَكُنْتُ أَوَّلَ مَنْ فَزِعَ، فَخَرَجْتُ أَبْتَغِي رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ حَتَّى أَتَيْتُ حَائِطًا لِلْأَنْصَارِ لِبَنِي النَّجَّارِ، فَدُرْتُ بِهِ هَلْ أَجِدُ لَهُ بَابًا؟ فَلَمْ أَجِدْ، فَإِذَا رَبِيعٌ يَدْخُلُ فِي جَوْفِ حَائِطٍ مِنْ بِئْرٍ خَارِجَةٍ - وَالرَّبِيعُ الْجَدْوَلُ - فَاحْتَفَزْتُ، فَدَخَلْتُ عَلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «أَبُو هُرَيْرَةَ» فَقُلْتُ: نَعَمْ يَا رَسُولَ اللهِ، قَالَ: «مَا شَأْنُكَ؟» قُلْتُ: كُنْتَ بَيْنَ أَظْهُرِنَا، فَقُمْتَ فَأَبْطَأْتَ عَلَيْنَا، فَخَشِينَا أَنْ تُقْتَطَعَ دُونَنَا، فَفَزِعْنَا، فَكُنْتُ أَوَّلَ مَنْ فَزِعَ، فَأَتَيْتُ هَذَا الْحَائِطَ، فَاحْتَفَزْتُ كَمَا يَحْتَفِزُ الثَّعْلَبُ، وَهَؤُلَاءِ النَّاسُ وَرَائِي، فَقَالَ: «يَا أَبَا هُرَيْرَةَ» وَأَعْطَانِي نَعْلَيْهِ، قَالَ: «اذْهَبْ بِنَعْلَيَّ هَاتَيْنِ، فَمَنْ لَقِيتَ مِنْ وَرَاءِ هَذَا الْحَائِطَ يَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ مُسْتَيْقِنًا بِهَا قَلْبُهُ، فَبَشِّرْهُ بِالْجَنَّةِ»، فَكَانَ أَوَّلَ مَنْ لَقِيتُ عُمَرُ، فَقَالَ: مَا هَاتَانِ النَّعْلَانِ يَا أَبَا هُرَيْرَةَ؟ فَقُلْتُ: هَاتَانِ نَعْلَا رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، بَعَثَنِي بِهِمَا مَنْ لَقِيتُ يَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ مُسْتَيْقِنًا بِهَا قَلْبُهُ، بَشَّرْتُهُ بِالْجَنَّةِ، فَضَرَبَ عُمَرُ بِيَدِهِ بَيْنَ ثَدْيَيَّ فَخَرَرْتُ لِاسْتِي، فَقَالَ: ارْجِعْ يَا أَبَا هُرَيْرَةَ، فَرَجَعْتُ إِلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَأَجْهَشْتُ بُكَاءً، وَرَكِبَنِي عُمَرُ، فَإِذَا هُوَ عَلَى أَثَرِي، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَا لَكَ يَا أَبَا هُرَيْرَةَ؟» قُلْتُ: لَقِيتُ عُمَرَ، فَأَخْبَرْتُهُ بِالَّذِي بَعَثْتَنِي بِهِ، فَضَرَبَ بَيْنَ ثَدْيَيَّ ضَرْبَةً خَرَرْتُ لِاسْتِي، قَالَ: ارْجِعْ، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَا عُمَرُ، مَا حَمَلَكَ عَلَى مَا فَعَلْتَ؟» قَالَ: يَا رَسُولَ اللهِ، بِأَبِي أَنْتَ، وَأُمِّي، أَبَعَثْتَ أَبَا هُرَيْرَةَ بِنَعْلَيْكَ، مَنْ لَقِيَ يَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ مُسْتَيْقِنًا بِهَا قَلْبُهُ بَشَّرَهُ بِالْجَنَّةِ؟ قَالَ: «نَعَمْ»، قَالَ: فَلَا تَفْعَلْ، فَإِنِّي أَخْشَى أَنْ يَتَّكِلَ النَّاسُ عَلَيْهَا، فَخَلِّهِمْ يَعْمَلُونَ، قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «فَخَلِّهِمْ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 31]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ।
মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।'
ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।"
আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।'
ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?'
তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 31]
হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ চাহাবাসকলৰ সৈতে বহি আছিল। তেওঁলোকৰ মাজত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। এই বৈঠকৰ সময়ছোৱাতে তেখেত উঠি গুচি গ'ল, আৰু উভতি নাহিল। এই দেখি চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ পৰিল, তেওঁলোকে আশংকা কৰিলে যে, শত্ৰু পক্ষই কিবা অনিষ্ট সাধন কৰিলে নেকি, নাইবা তেখেতক কোনোবাই বন্দী কৰিলে নেকি, অথবা তেখেতৰ বেলেগ কোনো বিপদ হ'ল নেকি! চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ ইফালে সিফালে সন্ধান কৰিবলৈ ধৰিলে। সৰ্বপ্ৰথম আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে আশংকা কৰিছিল আৰু তেওঁ তেখেতক বিচাৰি গৈছিল, অৱশেষত তেওঁ বিচাৰি বিচাৰি আহি বনু নাজ্জাৰৰ এখন বাগানত আহি পালে। তেওঁ বাগানখনৰ চাৰিওফালে ঘূৰি চালে, সোমাব পৰা কোনো দুৱাৰ খোলা আছে নে নাই, কিন্তু তেওঁ প্ৰৱেশ কৰিব পৰা কোনো দুৱাৰ খোলা নাপালে। অৱশেষত তেওঁ এটা নলা বিচাৰি পালে, যিটো নলাৰে বাগানখনত পানী প্ৰৱেশ কৰে। তেওঁ নিজৰ শৰীৰক সংকুচিত কৰি সেই নলাৰে সোমাই পৰিল আৰু বাগানখনত প্ৰৱেশ কৰিলে। তাতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পালে। তেখেতে ক'লেঃ আবু হুৰাইৰাহ তুমি ইয়াত? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ কি হৈছে তোমাৰ? আবু হুৰাইৰাই ক'লেঃ আপুনি আমাৰ মাজত আছিল, হঠাৎ আপুনি গুচি আহিল আৰু উভতি নগ'ল। সেয়ে আমি আশংকা কৰিলোঁ যে, আপুনি কিবা অসুবিধাত পৰিল নেকি। ফলত আমি আতংকিত হৈ পৰিছিলোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে আছিলোঁ প্ৰথম। সেয়ে আপোনাক বিচাৰি বিচাৰি এই বাগানত আহি পৰিছোঁ। ইয়াত সোমাবলৈ কোনো উপায় নোপোৱাত শিয়ালৰ দৰে এটা গাঁতেৰে প্ৰৱেশ কৰিছোঁ। বাকী লোকসকলেও মোৰ পিছে পিছে আপোনাক বিচাৰি আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তেখেতৰ জোতা যোৰ প্ৰমাণ হিচাপে তথা প্ৰতীক হিচাপে প্ৰদান কৰিলে আৰু ক'লে যে, তুমি মোৰ এই জোতাযোৰ লগত লৈ যোৱা, আৰু এই দেৱালৰ পিছফালে তুমি যাকেই লগ পাবা তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিবা। এইটো হৈছে জান্নাতীসকলৰ বৈশিষ্ট্য। তেওঁ প্ৰথমে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক লগ পালে। তেওঁ ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ হাতত এই জোতাযোৰ কিয়? তেওঁ ক'লেঃ এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই সংবাদ দি পঠিয়াইছে যে, মই যাক সাক্ষাৎ কৰিম তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে মই যেন তেওঁক জান্নাতৰ সুসংবাদ দিওঁ। এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ বুকুত গঁতা মাৰিলে, ফলত তেওঁ পিছফালে পৰি গ'ল। লগতে ক'লেঃ হে আবু হুৰাইৰাহ! উভতি যোৱা। তেতিয়া মই ভয়তে কান্দিব ধৰা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিলোঁ। মোৰ পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ কি হৈছে? মই ক'লোঁঃ মই ওমৰক লগ পালোঁ। আপুনি মোক যিটো বাৰ্তা দি প্ৰেৰণ কৰিছিল মই তেওঁক সেইটো জনোৱাত তেওঁ মোক ইমান জোৰেৰে আঘাত কৰিছে যে, মই পিছফালে বাগৰি পৰি গৈছিলোঁ। লগতে তেওঁ মোক কৈছে, উভতি যোৱা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে ওমৰ! আপুনি কিয় এই কাম কৰিলে? ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ ওপৰত কুৰবান যাওক। আপুনি সঁচাই আবু হুৰাইৰাক আপোনাৰ জোতাযোৰ দি পঠিয়াইছিলনে, লগতে এই কথা কৈছিলনে যে, তেওঁ যাক লগ পাব, তেওঁ যদি সৰ্বান্তকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সেই ব্যক্তিক আপুনি জান্নাতৰ সুসংবাদ দিবলৈ কৈছিলনে? তেখেতে ক'লেঃ হয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আপুনি এনেকুৱা নকৰিব। কাৰণ এনেকুৱা কৰিলে মানুহে হয়তো এই কথাৰ ওপৰতে ভৰসা কৰি আমল নকৰাকৈ বহি থাকিব। গতিকে সিহঁতক আমল কৰিবলৈ দিয়ক। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ঠিক আছে বাৰু, তেনেহ'লে সিহঁতক এৰি দিয়া।