عن أبي الهياج الأسدي قال: قال لي علي رضي الله عنه : «ألا أَبْعَثُك على ما بَعَثَني عليه رسول الله صلى الله عليه وسلم ؟ أن لا تَدْعَ صُورَةً إلا طَمَسْتَها، ولا قَبْرًا مُشْرِفًا إلا سَوَّيْتَه».
[صحيح] - [رواه مسلم]
المزيــد ...

আবুল হাইয়াজ আল-আছাদীৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মোক `আলী ৰাদ্বিয়াল্লাহু `আনহুৱে কৈছেঃ "c2">“মই তোমাক সেই দায়িত্ব দি প্রেৰণ নকৰিমনে, যি দায়িত্ব দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্রেৰণ কৰিছিল? কোনো মূর্তিকেই ধুলিস্যাৎ নকৰাকৈ নেৰিবা আৰু প্ৰতিটো ওখ কবৰকে মাটিৰ সমান কৰিবা”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

প্রকাশ্য আৰু গোপনীয় যিকোনো ধৰণৰ শ্বিৰ্কৰ পিনে লৈ যোৱা সকলো দুৱাৰ বন্ধ কৰিবলৈ ইছলাম প্রতিজ্ঞাবদ্ধ। `আলী ৰাদ্বিয়াল্লাহু আনহুৱে আমাক সংবাদ দিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামে তেওঁক এই নিৰ্দেশ দি প্ৰেৰণ কৰিছিল যে, তেওঁ যেন সন্মুখত পোৱা সকলো প্রতিকৃতি মাটিত পৰিণত কৰি দিয়ে। কাৰণ এইবোৰৰ মাজত আল্লাহৰ সৃষ্টিৰ সৈতে সাদৃশ্য পোৱা যায় আৰু এইবোৰক সন্মান জনোৱাৰ মাজত আছে ফিতনাত পতিত হোৱা আশংকা, যি কৰ্মই এজন মানুহক মূর্তি পূজাৰ পিনে ধাৱিত কৰে। ইয়াৰ বাহিৰেও তেওঁ যেন কবৰৰ ওপৰত নিৰ্মিত সকলো প্ৰকাৰ বেৰ বা স্থাপনা আৰু বৈধ পৰিমাণতকৈ অধিক ওখ কৰা সকলো কবৰ ভাঙি পেলায়। কাৰণ এনেকৈ ওখ কৰিলে সেই কবৰবাসীকলৈ মানুহে ফিতনাত পৰিব পাৰে আৰু সিহঁতক ইবাদত আৰু তাজীমৰ ক্ষেত্রত আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰাৰ সম্ভাৱনা থাকে। এইবোৰ নিষিদ্ধ কৰাৰ কাৰণ হৈছে যাতে মুছলিমসকলৰ ইছলাম বাকী থাকে আৰু তেওঁলোকৰ আক্বীদা সঠিক থাকে। ইয়াৰ বাহিৰেও প্রতিকৃতি বা ভাস্কৰ্য আদি বনোৱা আৰু কবৰৰ ওপৰত স্থাপনা নির্মাণ কৰা আদিয়ে সেই কবৰবাসীক তাজীম কৰাৰ ইংগিত দিয়ে তথা তাৰ প্ৰাপ্য মৰ্যাদাতকৈ অধিক মৰ্যাদা দিবলৈ সংকেত বহন কৰে, আনকি আল্লাহৰ হক হৰণ কৰা বুজায়। আৰু এইবোৰ হৈছে শ্বিৰ্ক।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্রতিকৃতি ভাস্কৰ্য আদি হাৰাম। সকলো ধৰণৰ প্রতিকৃতি আঁতৰাই দিয়া তথা মচি দিয়া ওৱাজিব।
  2. সত্যৰ উপদেশ, ভাল কামৰ আদেশ আৰু বেয়া কামৰ পৰা নিষেধ সদায় কৰিব লাগে, আৰু ইল্ম প্ৰচাৰ কৰিব লাগে।
  3. কবৰৰ ওপৰত স্থাপনা নির্মাণ কৰা বা পকা বেৰ আদি বনোৱা বা কবৰ ওখ কৰা আদি হাৰাম। কাৰণ এইবোৰ হৈছে শ্বিৰ্কৰ মাধ্যম।
  4. কবৰৰ ওপৰত নির্মিত গম্বুজ আদি ভাঙি পেলোৱা ওৱাজিব।
  5. কবৰৰ ওপৰত স্থাপনা নিৰ্মাণ কৰাৰ দৰেই আঁৰি থোৱা ছবি আৰু ভাস্কৰ্য আদিও শ্বিৰ্কৰ মাধ্যম।
  6. উক্ত বিষয়সমূহৰ ওপৰিও অতিৰিক্ত আৰু কেইটিমান বিষয় ইয়াৰ অর্ন্তভুক্ত, যেনে ডাঙৰকৈ কবৰৰ ওপৰত আলামত লাগোৱা, অথবা ডাঙৰ ডাঙৰ আখৰেৰে নাম লিখা, কবৰ সুসজ্জিত কৰা তথা ৰং কৰা। (আৰবীত) মানুহে এইবোৰক নাছাইল বা নাচাইব বোলে।
অধিক