+ -

عن أبي موسى الأشعري رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«إِذَا مَرِضَ الْعَبْدُ أَوْ سَافَرَ كُتِبَ لَهُ مِثْلُ مَا كَانَ يَعْمَلُ مُقِيمًا صَحِيحًا».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 2996]
المزيــد ...

আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
যেতিয়া বান্দা অসুস্থ হয় অথবা ভ্ৰমণত থাকে, তেতিয়া তাৰ বাবে সেই আমলৰ দৰেই (ছোৱাব) লিখা হয়, যিদৰে তেওঁ মুকীম অৱস্থাত সুস্থ শৰীৰে আমল কৰিছিল।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2996]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ফজল আৰু তেওঁৰ ৰহমতৰ বিষয়ে জনাইছে। এজন মুছলিম ব্যক্তিয়ে সুস্থ থকা অৱস্থাত স্ব-স্থানত সাধাৰণতে যিবোৰ নেক আমল কৰে, কিন্তু বেমাৰ আজাৰৰ ফলত যদি সেইবোৰ আমল কৰিব নোৱাৰে অথবা ভ্ৰমণত যোৱাৰ কাৰণে যদি সেইবোৰ আমল কৰাত অসুবিধা হয় নাইবা আন কোনো কাৰণত কৰিব নোৱাৰে তেন্তে আল্লাহে তাক সেইবোৰ কৰ্মৰ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰে, যিদৰে সুস্থ থকা অৱস্থাত বা নিজৰ ঠাইত থকা অৱস্থাত তেওঁ কৰিছিল।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বান্দাসকলৰ প্ৰতি থকা আল্লাহৰ অসীম অনুগ্ৰহৰ বৰ্ণনা পোৱা গ'ল।
  2. সুস্থ অৱস্থাক আৰু অৱসৰ সময়ক সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে অধিক নেক আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।