শ্ৰেণীবিন্যাস:
+ -

عَنْ عَبْدِ اللَّهِ بْنِ بُسْرٍ رَضِيَ اللَّهِ عَنْهُ قَالَ: أَتَى النَّبِيَّ رَجُلٌ، فَقَالَ: يَا رَسُولَ اللَّهِ! إِنَّ شَرَائِعَ الإِسْلَامِ قَدْ كَثُرَتْ عَلَيْنَا، فَبَابٌ نَتَمَسَّكُ بِهِ جَامِعٌ؟ قَالَ:
«لاَ يَزَالُ لِسَانُكَ رَطْبًا مِنْ ذِكْرِ اللَّهِ». وفي رواية: مِنْ حَدِيثِ مُعَاذِ بْنِ جَبَلٍ رَضِيَ اللَّهُ عَنْهُ: آخِرُ مَا فَارَقْتُ عَلَيْهِ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أَنْ قُلْتُ: أَيُّ الأَعْمَالِ خَيْرٌ وَأَقْرَبُ إِلَى اللَّهِ؟ قَالَ: «أَنْ تَمُوتَ وَلِسَانُكَ رَطْبٌ مِنْ ذِكْرِ اللَّهِ عَزَّ وَجَلَّ».

[صحيح] - [رواه أحمد والترمذي وابن ماجه وابن حبان] - [الأربعون النووية: 50]
المزيــد ...

আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত ইছলামী চৰীয়তৰ বিধান বহুত বেছি। গতিকে আমাক এনেকুৱা এটা জামে বিষয় শিকাই দিয়ক যিটো আমি মজবুতভাৱে ধৰি ৰাখিম। তেখেতে ক'লেঃ
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"

[ছহীহ] - [رواه أحمد والترمذي وابن ماجه وابن حبان] - [الأربعون النووية - 50]

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি অভিযোগ কৰিলে যে, নফল ইবাদতৰ সংখ্যা অধিক হৈছে, গতিকে কোনটো এৰি কোনটো কৰিম ভাবি পোৱা নাই। সেয়ে ব্যক্তিজনে নিজৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, তেখেতে যেন তেওঁক এনেকুৱা কোনো সহজ আমল সম্পৰ্কে জনায় যিটো কৰিলে অধিক ছোৱাব অৰ্জন হ'ব আৰু তেওঁ যাতে সেইটোক মজবুতভাৱে ধৰি ৰাখিব পাৰে।
এই কথা শুনি তেখেতে তেওঁক নিৰ্দেশনা দি ক'লে যে, আল্লাহৰ জিকৰৰ দ্বাৰা তুমি তোমাৰ জিভাক সকলো সময়তে আৰু সকলো অৱস্থাতে সিক্ত ৰাখিবা। তাছবীহ (ছুবহানাল্লাহ), তাহমীদ (আলহাম্দুলিল্লাহ), ইস্তিগফাৰ (আস্তাগফিৰুল্লাহ) আৰু দুআ আদিৰ জৰিয়তে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সদায় আল্লাহৰ জিকৰ-আজকাৰ কৰাৰ ফজীলত।
  2. এইটো আল্লাহৰ মহা অনুগ্ৰহ যে, তেওঁ ছোৱাব অৰ্জনৰ উপায়সমূহ সহজ কৰি দিছে।
  3. কল্যাণ আৰু নেকীৰ ক্ষেত্ৰত বান্দাসকলৰ মৰ্যাদা ভিন ভিন।
  4. তাছবীহ, তাহমীদ, তাহলীল আৰু তাকবীৰৰ জৰিয়তে আন্তৰিকতাৰে আল্লাহক বেছি বেছি স্মৰণ কৰাটো হৈছে কেইবাটাও নফল ইবাদতৰ সমতুল্য।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিজন প্ৰশ্নকাৰীকে তাৰ উপযুক্ত উত্তৰ প্ৰদান কৰিছিল।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই পুস্তু আলবেনীয়ান আমহাৰিক গুজৰাটী কিৰ্গিজ নেপালী দাৰী ছাৰ্বিয়ান তাজিক কিনিয়াৰাৱাণ্ডা হাংগেৰী চেক الموري الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক