+ -

عن أبي هريرة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول:
«حَقُّ الْمُسْلِمِ عَلَى الْمُسْلِمِ خَمْسٌ: رَدُّ السَّلَامِ، وَعِيَادَةُ الْمَرِيضِ، وَاتِّبَاعُ الْجَنَائِزِ، وَإِجَابَةُ الدَّعْوَةِ، وَتَشْمِيتُ الْعَاطِسِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1240]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1240]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এজন মুছলিমৰ ওপৰত থকা আন এজন মুছলিমৰ কিছুমান অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। তাৰে প্ৰথম অধিকাৰটো ছালাম দিয়া ব্যক্তিৰ ছালামৰ উত্তৰ দিয়া।
দ্বিতীয় অধিকাৰটো হৈছে, বেমাৰীক শুশ্ৰূষা কৰা আৰু সাক্ষাৎ কৰা।
তৃতীয় অধিকাৰটো হৈছে, ঘৰৰ পৰা জানাজা পঢ়াৰ স্থানলৈকে অনুসৰণ কৰা আৰু জানাজা পঢ়াৰ পিছত কবৰস্থানলৈকে যোৱা আৰু দাফন কাৰ্যত চামিল হোৱা।
চতুৰ্থ অধিকাৰটো হৈছে, যদি কোনোবাই অলীমা আদিৰ নিমন্ত্ৰণ কৰে তেন্তে সেই নিমন্ত্ৰণ গ্ৰহণ কৰা।
পঞ্চম অধিকাৰটো হৈছে, হাঁচি কৰা ব্যক্তিয়ে যদি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰত ক'ব য়াৰহামুকাল্লাহ। ইয়াৰ পিছত হাঁচিকাৰীয়ে আকৌ ক'ব, য়াহদিকুমুল্লাহু ৱা ইউচলিহু বা-লাকুম।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুছলিমসকলৰ মাজত মুহাব্বত আৰু ভাতৃত্ববোধৰ বন্ধন মজবুত কৰাৰ ক্ষেত্রত ইছলামৰ মহানুভৱতা।
অধিক