+ -

عَنْ سَلَمَةَ بْنِ الْأَكْوَعِ رضي الله عنه:
أَنَّ رَجُلًا أَكَلَ عِنْدَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِشِمَالِهِ، فَقَالَ: «كُلْ بِيَمِينِكَ»، قَالَ: لَا أَسْتَطِيعُ، قَالَ: «لَا اسْتَطَعْتَ»، مَا مَنَعَهُ إِلَّا الْكِبْرُ، قَالَ: فَمَا رَفَعَهَا إِلَى فِيهِ.

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2021]
المزيــد ...

ছালামাহ ইবনুল আকৱা -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2021]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক বাওঁ হাতেৰে খানা খোৱা দেখি তাক সোঁ হাতেৰে খাবলৈ নিৰ্দেশ দিলে, কিন্তু সি অহংকাৰ কৰি মিছাতে ক'লে যে, সি সোঁ হাতেৰে খাব নোৱাৰে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বদ্দুআ দি ক'লে, সি যেন সোঁ হাতেৰে কেতিয়াও খাব নোৱাৰে। ফলত আল্লাহেও নবীৰ দুআ কবূল কৰিলে আৰু সেই ব্যক্তিৰ হাত অক্ষম কৰি দিলে। এতেকে ইয়াৰ পিছত সি কেতিয়াও আৰু খোৱা বোৱা কৰিবলৈ নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে লব পৰা নাছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সোঁ হাতেৰে খোৱা ওৱাজিব আৰু বাওঁ হাতেৰে খোৱা হাৰাম।
  2. চৰীয়তি বিধান পালনৰ ক্ষেত্ৰত অহংকাৰ কৰিলে, বান্দা শাস্তি পোৱাৰ যোগ্য হৈ যায়।
  3. মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দিয়া সন্মানসমূহৰ ভিতৰত অন্যতম এটা সন্মান হৈছে এই যে, তেওঁ নবীৰ দুআ কবূল কৰিছিল।
  4. সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ সদায় কৰিব লাগে, আনকি খোৱা-বোৱাৰ সময়তো।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক