+ -

عَنْ عَائِشَةَ رضي الله عنها قَالَتْ:
قُلْتُ: يَا رَسُولَ اللهِ، ابْنُ جُدْعَانَ كَانَ فِي الْجَاهِلِيَّةِ يَصِلُ الرَّحِمَ، وَيُطْعِمُ الْمِسْكِينَ، فَهَلْ ذَاكَ نَافِعُهُ؟ قَالَ: «لَا يَنْفَعُهُ، إِنَّهُ لَمْ يَقُلْ يَوْمًا: رَبِّ اغْفِرْ لِي خَطِيئَتِي يَوْمَ الدِّينِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 214]
المزيــد ...

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 214]

ব্যাখ্যা

আব্দুল্লাহ ইবনে জুদআনৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা কৈছে, ইছলামৰ পূৰ্বে তেওঁ কুৰাইশ্বৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ যিবোৰ নেক আমল কৰিছিল, তাৰে অন্যতম আছিল যে, তেওঁ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিল, তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল, দুখীয়া-দৰিদ্ৰক খাদ্য খুৱাইছিল। যিবোৰ বিষয় সম্পৰ্কে ইছলামেও মানুহক উৎসাহিত কৰে। এইবোৰ নেক কৰ্ম কৰাৰ পিছতো আখিৰাতত তাৰ কোনো উপকাৰ নহ'ব, কাৰণ সি আল্লাহৰ সৈতে কুফৰী কৰিছিল। লগতে সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক, কিয়ামতৰ দিনা তুমি মোৰ গুনাহ তথা পাপসমূহ মাৰ্জনা কৰি দিবা।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত ঈমানৰ গুৰুত্ব বৰ্ণিত হৈছে, কাৰণ ঈমান হৈছে আমল গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত।
  2. হাদীছটোত কুফৰৰ বেয়া প্ৰভাৱৰ কথা বৰ্ণিত হৈছে, কাৰণ কুফৰৰ ফলত সকলো নেক আমল ধ্বংস হয়।
  3. কাফিৰসকলৰ আমলে আখিৰাতত সিহঁতক কোনো উপকাৰ কৰিব নোৱাৰিব, কাৰণ সিহঁতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
  4. কুফৰ অৱস্থাত যদি কোনো মানুহে ভাল কাম কৰে আৰু সি যদি ইছলাম গ্ৰহণ কৰে তেন্তে তাক সেই কামৰ প্ৰতিদান দিয়া হ'ব।
অধিক