عن النعمان بن بشير رضي الله عنهما عن النبي صلى الله عليه وسلم قال: «إن الدعاء هو العبادة». ومن حديث أنس رضي الله عنه بلفظ: «الدعاء مُخُّ العبادة».
[حديث النعمان بن بشير: صحيح. حديث أنس بن مالك: ضعيف] - [حديث النعمان -رضي الله عنه-: رواه أبو داود والترمذي وابن ماجه وأحمد. حديث أنس -رضي الله عنه-: رواه الترمذي]
المزيــد ...

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“নিশ্চয় দুআই হৈছে ইবাদত”। আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত আছে, "c2">“দুআ হৈছে ইবাদতৰ মগজু”।
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

দুআই হৈছে ইবাদত। এইটোৱে প্ৰমাণ কৰে যে, আল্লাহৰ বাবে কৰা প্ৰত্যেক ইবাদতৰ মূল হৈছে দুআ। কিয়নো যেতিয়া মানুহে সকলোকে ত্যাগ কৰি একমাত্ৰ আল্লাহৰ দ্বাৰস্থ হয় আৰু তেওঁৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি একমাত্ৰ তেওঁৰ ওচৰতেই দুআ কৰে, আল্লাহৰ বাহিৰে তাৰ অন্তৰ আন কাৰো পিনে ধাৱিত নহয়, দৰাচলতে তেতিয়া সি আল্লাহৰ স্বয়ংসম্পূৰ্ণতাক স্বীকাৰ কৰে আৰু এই কথা বিশ্বাস কৰে যে, আল্লাহেই হৈছে প্ৰাৰ্থনা কবূলকাৰী, তেৱেঁই শ্ৰৱণকাৰী, তেওঁ অতি সন্নিকট আৰু সকলো বস্তুৰ ওপৰত তেওঁ ক্ষমতাৱান। এইটোৱেই হৈছে ইবাদতৰ মূল তথা তাওহীদৰ সাৰাংশ। আনহাতে দুআ হৈছে ইবাদতৰ মগজু, এই হাদীছৰ অৰ্থ হৈছে এই যে, দুআ হৈছে ইবাদতৰ আত্মা তথা ৰূহ, যিটো নোহোৱাকৈ ইবাদত কৰা সম্ভৱ নহয়। যিদৰে মগজু নোহোৱাকৈ মানৱ শৰীৰ সম্ভৱ নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দুআ হৈছে এটা ডাঙৰ ইবাদত।
  2. দুআ হৈছে মূল তথা ইবাদতৰ প্ৰাণ, ইয়াৰ বাহিৰে ইবাদত সম্ভৱ নহয়।
  3. দুআৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
  4. সদায় দুআ কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। কাৰণ দুআৰ মাজত আছে জিকৰ-আজকাৰ আৰু দুআৰ জৰিয়তে আল্লাহৰ ওচৰত নত স্বীকাৰ কৰা হয়।
  5. বন্দেগীৰ বাস্তৱিকতা, আল্লাহৰ ক্ষমতা আৰু তেওঁ যে অমুখাপেক্ষী ইয়াৰ স্বীকাৰোক্তি আৰু বান্দা সদায় তেওঁৰ মুখাপেক্ষী, এই তিনিওটা বিষয় দুআৰ অন্তৰ্ভুক্ত।
  6. দুআই বান্দাক তাৰ প্ৰতিপালকৰ নিকটৱৰ্তী কৰি দিয়ে, লগতে তেওঁৰ অধিকাৰ আৰু তেওঁ যে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে এই অনুভূতি সৃষ্টি কৰে আৰু এই কথা স্বীকাৰ কৰিবলৈ বাধ্য কৰায় যে, বান্দা প্ৰভুৰ ওচৰত সদায় অসহায়।
অধিক