عَنْ عُمَرَ بْنِ الْخَطَّابِ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِنَّ اللهَ عَزَّ وَجَلَّ يَنْهَاكُمْ أَنْ تَحْلِفُوا بِآبَائِكُمْ»، قَالَ عُمَرُ: فَوَاللهِ مَا حَلَفْتُ بِهَا مُنْذُ سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَهَى عَنْهَا ذَاكِرًا وَلَا آثِرًا.

[صحيح] - [متفق عليه]
المزيــد ...

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"নিশ্চয় সৰ্বশক্তিমান আল্লাহে তোমালোকক তোমালোকৰ পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত, যিদিনা মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা মই কেতিয়াও বাপ-দাদাৰ শপত খোৱা নাই। জানি বুজিও খোৱা নাই আৰু কাৰোবাৰ অনুকৰণতো খোৱা নাই।

ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে বাপ-দাদাৰ শপত খাবলৈ নিষেধ কৰিছে। এতেকে শপত খোৱাৰ প্ৰয়োজন হ'লে আল্লাহৰ শপত খাব লাগে। তেওঁৰ বাহিৰে আন কাৰো শপত খোৱা বৈধ নহয়। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, তেওঁ এই হাদীছটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনাৰ ‎পিছৰ পৰা কেতিয়াও আজুককাৰ শপত খোৱা নাছিল। জানি বুজিও খোৱা নাছিল আৰু আনৰ দেখা দেখিও খোৱা নাছিল। ‎বৰং তেওঁ কেৱল আল্লাহৰ শপতহে খাইছিল।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী তামিল থাই পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ বাহিৰে আনৰ শপত খোৱা হাৰাম। বিশেষকৈ পিতৃপুৰুষসকলৰ, কাৰণ এইটো হৈছে অজ্ঞতা যুগৰ এটা স্বভাৱ।
  2. হালাফ কোৱা হয়, কোনো কামৰ গুৰুত্ব বুজাবলৈ তথা সত্যতা প্ৰমাণ কৰিবলৈ আল্লাহৰ বা তেওঁৰ অন্যান্য নামৰ অথবা তেওঁৰ কোনো গুণৰ শপত খোৱা।
  3. হাদীছটোৰ দ্বাৰা ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত প্ৰমাণিত হয়, কাৰণ তেখেতে উক্ত হাদীছটো শুনাৰ লগে লগে তাৰ ওপৰত আমল কৰিছিল। ইয়াৰ দ্বাৰা তেখেতৰ পৰহেজগাৰিতা আৰু চৰীয়ত সম্পৰ্কে থকা দায়িত্ববোধ আদিও প্ৰমাণ হয়।
অধিক