عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«يَقُولُ اللَّهُ تَعَالَى لِأَهْوَنِ أَهْلِ النَّارِ عَذَابًا يَوْمَ القِيَامَةِ: لَوْ أَنَّ لَكَ مَا فِي الأَرْضِ مِنْ شَيْءٍ أَكُنْتَ تَفْتَدِي بِهِ؟ فَيَقُولُ: نَعَمْ، فَيَقُولُ: أَرَدْتُ مِنْكَ أَهْوَنَ مِنْ هَذَا، وَأَنْتَ فِي صُلْبِ آدَمَ: أَلّاَ تُشْرِكَ بِي شَيْئًا، فَأَبَيْتَ إِلَّا أَنْ تُشْرِكَ بِي».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6557]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6557]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, জাহান্নামত একেবাৰে লঘু শাস্তিপ্ৰাপ্ত ব্যক্তিক মহান আল্লাহে ক'ব, যদি পৃথিৱীখন আৰু ইয়াৰ মাজৰ সকলো বস্তু তোমাৰ হ'লহেঁতেন তেন্তে তুমি এই শাস্তিৰ পৰা মুক্তি পাবলৈ সেই সকলোবোৰ সা-সম্পত্তি মুক্তিপণ হিচাপে আদায় দিলাহেঁতেননে? তেতিয়া সেই ব্যক্তিজনে ক'বঃ হয় নিশ্চয়। তেতিয়া মহান আল্লাহে ক'বঃ মই তোমাৰ ওচৰত ইয়াতকৈও সহজ এটা বস্তু বিচাৰিছিলোঁ আৰু একেবাৰে উজু এটা নিৰ্দেশ দিছিলোঁ যেতিয়া তুমি আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, মোৰ লগত শ্বিৰ্ক নকৰিবা। কিন্তু তুমি সেই প্ৰতিশ্ৰুতি ভংগ কৰিছা, আৰু পাৰ্থিৱ জীৱনত শ্বিৰ্ক কৰিছা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাওহীদৰ ফজিলত, আৰু ইয়াৰ প্ৰতি আমল কৰা একেবাৰে সহজ।
  2. আল্লাহৰ লগত কৰা শ্বিৰ্ক আৰু ইয়াৰ পৰিণাম অতি ভয়াৱহ।
  3. মহান আল্লাহে আদম সন্তানৰ পৰা শ্বিৰ্ক নকৰাৰ প্ৰতিশ্ৰুতি লৈছে, যেতিয়া সিহঁত সিহঁতৰ পিতা আদমৰ পিঠিত আছিল।
  4. শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে, আৰু জনোৱা হৈছে যে, কিয়ামতৰ দিনা কাফিৰক ৰক্ষা কৰিবলৈ সমগ্ৰ পৃথিৱীৰ একোৱে কামত নাহিব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক