শ্ৰেণীবিন্যাস:

عَنْ أَبِي رُقَيَّةَ تَمِيمِ بْنِ أَوْسٍ الدَّارِيِّ رَضِيَ اللَّهُ عَنْهُ أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«الدِّينُ النَّصِيحَةُ» قُلْنَا: لِمَنْ؟ قَالَ: «لِلهِ وَلِكِتَابِهِ وَلِرَسُولِهِ وَلِأَئِمَّةِ الْمُسْلِمِينَ وَعَامَّتِهِمْ».

[صحيح] - [رواه مسلم] - [الأربعون النووية: 7]
المزيــد ...

আবু ৰুকাইয়্যা তামীম ইবনে আওছ আদ্-দাৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
"দ্বীন হৈছে শুভ কামনাৰ নাম।" আমি প্ৰশ্ন কৰিলোঁ: কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সকলো মুছলিমৰ বাবে।"

[ছহীহ] - [(মুছলিম)] - [الأربعون النووية - 7]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, দ্বীন হৈছে ইখলাচ আৰু সততাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে যিদৰে অনিবাৰ্য্য কৰিছে সেইদৰেই পৰিপূৰ্ণৰূপে পালন কৰা জৰুৰী, কোনো ধৰণৰ ত্ৰুটি আৰু প্ৰৱঞ্চনা নকৰাকৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ'ল, শুভকামনা কাৰ বাবে? তেখেতে ক'লেঃ প্ৰথমঃ শুভকামনা হৈছে মহান আল্লাহৰ বাবে, অৰ্থাৎ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰা। এইদৰে তেওঁৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু আচমা অচিফাতৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ নিৰ্দেশনাক গুৰুত্ব দিয়া আৰু তেওঁৰ প্ৰতি ঈমান আনিবলৈ মানুহক আহ্বান কৰা। দ্বিতীয়ঃ তেওঁৰ পৱিত্ৰ গ্ৰন্থ আল-কোৰআনুল কাৰীমৰ বাবে শুভকামনা পোষণ কৰা। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, এইখন হৈছে মহান আল্লাহৰ বাণী আৰু তেওঁৰ সৰ্বশেষ গ্ৰন্থ, লগতে এইখনে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। আমি ইয়াক সন্মান কৰোঁ আৰু যথাযথভাৱে ইয়াৰ তিলাৱত কৰোঁ। ইয়াত থকা মুহকাম আয়াতসমূহৰ ওপৰত আমি আমল কৰোঁ আৰু মুতাশ্বাবিহ আয়াতসমূহক আমি গ্ৰহণ কৰোঁ, আৰু আমি ইয়াৰ বিষয়ে মানুহে কৰা অপব্যাখ্যাক খণ্ডন কৰোঁ, লগতে ইয়াৰ মাজত থকা বিভিন্ন উপদেশ আমি মানি চলোঁ আৰু ইয়াৰ জ্ঞানসমূহ প্ৰচাৰ কৰোঁ আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান কৰোঁ। তৃতীয়ঃ শুভকামনা হৈছে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে। অৰ্থাৎ আমি এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেখেত হৈছে সৰ্বশেষ ৰাছুল, লগতে তেখেতে যি লৈ আহিছে তাৰ প্ৰতিও আমি বিশ্বাস কৰিব লাগিব, তেখেতৰ আদেশ মানি চলিব লাগিব, তেখেতে যি নিষেধ কৰিছে তাৰ পৰা আঁতৰি থাকিব লাগিব, লগতে একমাত্ৰ সেই পদ্ধতিতেই আমি আল্লাহৰ ইবাদত কৰিব লাগিব যিটো তেখেতে দেখুৱাইছে। তেখেতক সন্মান কৰিব লাগিব, তেখেতৰ বাৰ্তা প্ৰচাৰ কৰিব লাগিব আৰু তেখেতৰ চৰীয়ত প্ৰসাৰ কৰিব লাগিব, আৰু তেখেতৰ প্ৰতি যি যি আৰোপ কৰা হৈছে সেইবোৰক অস্বীকাৰ কৰি খণ্ডন কৰিব লাগিব। চতুৰ্থঃ মুছলিম নেতৃবৃন্দৰ বাবে কল্যাণ কামনা কৰা। অৰ্থাৎ তেওঁলোকক সত্যৰ পথত সহায় কৰা, ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে বিবাদ নকৰা, লগতে আল্লাহৰ আনুগত্য অনুসৰি তেওঁলোকে দিয়া প্ৰতিটো আদেশ মানি চলিব লাগিব। পঞ্চমঃ শুভকামনা হৈছে মুছলিমসকলৰ বাবে। তেওঁলোকক উপকাৰ কৰাৰ মাধ্যমত আৰু এহছানৰ প্ৰতি আহ্বান কৰাৰ মাধ্যমত, তেওঁলোকক বিভিন্ন ক্ষতিৰ পৰা ৰক্ষা কৰাৰ মাধ্যমত, তেওঁলোকৰ বাবে কল্যাণ পছন্দ কৰাৰ মাধ্যমত আৰু তেওঁলোকক নেক কামত আৰু তাক্বৱাৰ কামত সহায় কৰাৰ মাধ্যমত।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সকলোৰে প্ৰতি শুভকামনা পোষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
  2. দ্বীনৰ মাজত শুভকামনাৰ গুৰুত্ব অধিক।
  3. আক্বীদাহ বা বিশ্বাস, কথা আৰু কৰ্মৰ সমষ্টিৰ নামেই হৈছে দ্বীন।
  4. নছীহত বা শুভকামনাৰ দ্বাৰা বুজোৱা হৈছে যে, যাক উপদেশ দিয়া হৈছে তাৰ প্ৰতি আপোনাৰ অন্তৰ প্ৰৱঞ্চনা আদিৰ পৰা পৱিত্ৰ হ'ব লাগিব আৰু তাৰ কাৰণে কল্যাণ কামনা কৰিব লাগিব।
  5. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া প্ৰশিক্ষণৰ সৌন্দর্য। কিয়নো তেখেতে প্রথমে সংক্ষেপে উল্লেখ কৰিছে আৰু তাৰ পিছত বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে।
  6. সর্বাধিক গুৰুত্বপূর্ণ বিষয়ৰ দ্বাৰা আৰম্ভ কৰা উচিত, তাৰ পিছত তাতকৈ যিটো কম গুৰুত্বপূৰ্ণ সেইটো বিষয় উল্লেখ কৰা উচিত। যেনে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রথমে আল্লাহ, তাৰ পিছত তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম), তাৰ পিছত মুছলিম শাসক আৰু তাৰ পিছত তেখেতে সাধাৰণ জনগণৰ কল্যাণ কামনা কৰাৰ কথা উল্লেখ কৰিছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البامبارية البنجابية الماراثية الدنماركية الكيروندي الياو
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক