عن معاوية بن أبي سفيان رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «من يُرِدِ الله به خيرا يُفَقِّهْهُ في الدين».
[صحيح] - [متفق عليه]
المزيــد ...

মু‘আবিয়া ইবনু আবি ছুফিয়ান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক দ্বীনৰ ‘ইল্ম (জ্ঞান) দান কৰে।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

আল্লাহে যি ব্যক্তিৰ কল্যাণ আৰু উপকাৰ কামনা কৰে, তাক আল্লাহে চৰীয়তৰ বিধি-বিধানৰ আলিম বনায় তথা সেই ক্ষেত্ৰত বিচক্ষণতা প্ৰদান কৰে। ফিকহ শব্দটো দুটা অর্থত ব্যৱহৃত হয়, এক. চৰীয়তৰ বিস্তাৰিত দলিল (কোৰআন আৰু ছুন্নাহ)ৰ পৰা সংগৃহীত আমল সম্পৰ্কীয় বিষয়াৱলীৰ বিধান সম্পর্কে জ্ঞান অৰ্জন কৰা। যেনে, ইবাদত আৰু জীৱনৰ অন্যান্য বিষয়াদি। দুই. আল্লাহৰ দ্বীন সম্পর্কে সামগ্রীকভাৱে জ্ঞান অৰ্জন কৰা। ইয়াৰ মাজত আছে ঈমানৰ মৌলিক বিষয়াদি, ইছলামৰ বিধান, হালাল-হাৰাম, আখলাক তথা আদাব আদি সকলোবোৰ ইয়াৰ অন্তৰ্ভুক্ত।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৱে দ্বীনি জ্ঞানৰ মহত্ব প্রমাণ কৰে আৰু সেয়া শিকিবলৈ উৎসাহ প্রদান কৰে।
  2. ফিকহ শব্দটো দুটা অর্থত ব্যৱহৃত হয়, এক. এনেকুৱা জ্ঞান যাৰ মাধ্যমত চৰীয়তৰ মূল উৎসসমূহ তথা কোৰআন আৰু হাদীছৰ পৰা বিস্তাৰিত দলিল-প্রমাণসহ ব্যৱহাৰিক জীৱনৰ বিভিন্ন বিধি-বিধান জানিব পাৰি। দুই. আল্লাহৰ দ্বীন সম্পর্কে সামগ্রীক জ্ঞান ৰখা। যেনে ঈমানৰ মৌলিক নীতিমালা, ইছলামৰ বিভিন্ন বিধি-বিধান, ইহছানৰ বাস্তৱতা আৰু হালাল-হাৰাম আদি।
  3. হাদীছৰ দ্বাৰা এই কথা প্রতিয়মান হয় যে, যি ব্যক্তিয়ে দ্বীনি জ্ঞানৰ পৰা বিমুখ হয়, আল্লাহে সেই ব্যাক্তিৰ কল্যাণ নিবিচাৰে।
  4. যি ব্যক্তিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰাত যত্নৱান হয়, আল্লাহে সেই ব্যক্তিক ভাল পায়। কিয়নো আল্লাহে সেই ব্যক্তিৰ কল্যাণ বিচাৰে, সেয়ে তাক দ্বীনৰ জ্ঞান আৰু বোধশক্তি দান কৰে।
  5. দ্বীনি জ্ঞান অর্জন কৰাটো হৈছে প্রশংসাৰ বিষয়। দ্বীনি জ্ঞানৰ বাহিৰে অন্য কোনো জ্ঞান অর্জন কৰাটো প্রশংসাৰো বিষয় নহয় নিন্দা কৰাৰো বিষয় নহয়। কিন্তু সেইটো যদি কোনো ভাল কাম কৰাৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় তেন্তে সেইটো হ’ব প্রশংসনীয়, আৰু যদি বেয়া কামৰ উদ্দেশ্য কৰা হয় তেনেহ’লে সেইটো হ’ব নিন্দনীয়।
অধিক