+ -

عَنْ سَعْدِ بْنِ أَبِي وَقَّاصٍ رضي الله عنه عَنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ قَالَ:
«مَنْ قَالَ حِينَ يَسْمَعُ الْمُؤَذِّنَ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا، غُفِرَ لَهُ ذَنْبُهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 386]
المزيــد ...

ছাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 386]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআ পাঠ কৰিবঃ "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু", ইয়াৰ ভাৱাৰ্থ হৈছে, মই পূৰ্ণ বিশ্বাসৰ সৈতে সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ বাহিৰে যিবোৰক উপাসনা কৰা হয় সেই সকলোবোৰ হৈছে বাতিল। "ওৱা আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" ইয়াৰ ভাৱাৰ্থ, মুহাম্মদ হৈছে এজন বান্দাহ, তেওঁক উপাসনা কৰা নাযাব। লগতে তেওঁ হৈছে এজন ৰাছুল, যাক অস্বীকাৰ কৰা নাযাব। "ৰাজীতু বিল্লাহি ৰাব্বান।" ইয়াৰ ভাৱাৰ্থ হৈছেঃ মই আল্লাহৰ ৰুবুবিয়্য়ত উলুহিয়্য়ত আছমা অচিফাত আদি স্বীকাৰ কৰিছোঁ, লগতে তেওঁক ৰব্ব হিচাপে পাই মই সন্তুষ্ট। "অবিমুহাম্মাদিন ৰাছুলান।" ইয়াৰ ভাৱাৰ্থ হৈছে, তেওঁক যি যি বিধান দিয়া হৈছে, যিটো আমালৈ তেওঁ পৌঁচাই দিছে, সেয়া পাই মই সন্তুষ্ট। "অবিল ইছলামি।" অৰ্থাৎ ইছলামৰ যাৱতীয় বিধি-বিধানৰ ওপৰত মই সন্তুষ্ট, আদেশমূলক হওক বা নিষেধমূলক। "দ্বীনান" অৰ্থাৎ দ্বীন হিচাপে পাই, বিশ্বাস আৰু পালন কৰি মই সন্তুষ্ট। "সেই ব্যক্তিৰ গুনাহসমূহ মাফ কৰি দিয়া হ'ব।" অৰ্থাৎ সৰু গুনাহবোৰ।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান চেক মালাগাছী ওৰোমো
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আজান শুনি এই দুআটো পাঠ কৰিলে গুনাহ মাফ হয়।
অধিক