1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।

عَنْ عَبْدِ اللَّهِ بنِ مسعُودٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
ذُكِرَ عِنْدَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلٌ نَامَ لَيْلَهُ حَتَّى أَصْبَحَ، قَالَ: «ذَاكَ رَجُلٌ بَالَ الشَّيْطَانُ فِي أُذُنَيْهِ، أَوْ قَالَ: فِي أُذُنِهِ».

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 3270

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এনেকুৱা এজন ব্যক্তি সম্পৰ্কে উল্লেখ কৰা হ'ল, যিয়ে ৰাতি শুৱে আৰু ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ পিছত উঠে, ফজৰৰ ফৰজ নামাজ সময়মতে আদায় নকৰে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সি হৈছে এনেকুৱা ব্যক্তি, যাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰি দিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. তাহাজ্জুদ এৰি দিয়াটো অপছন্দনীয়। এই অৱহেলা আহে চয়তানৰ কাৰণে।
  2. চয়তানৰ পৰা সতৰ্ক কৰা হৈছে, যিয়ে মানুহৰ প্ৰতিটো পথতে বহি থাকে, যাতে মানুহক আল্লাহৰ আনুগত্যৰ পৰা বিৰত ৰাখিব পাৰে।
  3. ইবনু হাজাৰে কৈছেঃ (ما قام إلى الصلاة) (সি নামাজ নপঢ়ে) ইয়াত কেৱল নামাজৰ কথা কোৱা হৈছে, কোনটো নামাজ সেয়া স্পষ্ট নহয়। ইয়াৰ দ্বাৰা তাহাজ্জুদো হ'ব পাৰে আৰু ফৰজ নামাজো হ'ব পাৰে।
  4. ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ ইয়াত কাণক নিৰ্দিষ্ট কৰা হৈছে। যদিও গভীৰ টোপনিক বুজাবলৈ চকুৰ কথা উল্লেখ কৰাটো হৈছে বেছি উপযুক্ত। কিন্তু কাণৰ কথা এইকাৰণে উল্লেখ কৰা হৈছে, কিয়নো কাণ হৈছে সাৰ পোৱাৰ অন্যতম মাধ্যম। এইদৰে ইয়াত প্ৰস্ৰাৱৰ কথা এই কাৰণে কোৱা হৈছে, কিয়নো প্ৰস্ৰাৱ সহজে সিৰাই সিৰাই সোমাব পাৰে, যাৰ ফলত গোটেই শৰীৰত অলসতাৰ সৃষ্টি হয়।

অনুবাদ চাওক

51 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
DE Deutsch الألمانية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
NE नेपाली النيبالية
YO Yorùbá اليوروبا
LT Lietuvių الليتوانية
PRS دری الدرية
SR Српски الصربية
TG тоҷикӣ الطاجيكية
RW Kinyarwanda الكينياروندا
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية