1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।

عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ رَضِيَ اللهُ عَنْهُ قَالَ: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«مَنْ صَامَ يَوْمًا فِي سَبِيلِ اللهِ بَاعَدَ اللهُ وَجْهَهُ عَنِ النَّارِ سَبْعِينَ خَرِيفًا».

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1153

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে জিহাদৰ ময়দানত এদিনো ৰোজা পালন কৰিব, আৰু কোৱা হৈছে যে, নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে ছোৱাবৰ আশাত ৰোজা ৰাখিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত সেই ব্যক্তিৰ আৰু জাহান্নামৰ মাজত সত্তৰ বছৰৰ দূৰত্ব সৃষ্টি কৰি দিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত জিহাদৰ ময়দানত ৰোজা ৰখাৰ ফজীলত বৰ্ণিত হৈছে। এইটো সেই ব্যক্তিৰ বাবে প্ৰযোজ্য, ৰোজা ৰাখিলে যুদ্ধৰ ময়দানত যাৰ কোনো অসুবিধা নহয়। কোনো অধিকাৰ খৰ্ব নহয়, লগতে যুদ্ধ আৰু অন্যান্য অভিযানত কোনো ব্যাঘাত নঘটে।
  2. নফল ৰোজা ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
  3. ইখলাচ আৰু আল্লাহৰ সন্তুষ্টি অৰ্জনৰ আশা পোষণ কৰা অনিবাৰ্য। মানুহক দেখুৱাবলৈ অথবা নিজকে প্ৰকাশ কৰিবলৈ নাইবা বেলেগ কোনো উদ্দেশ্যত ৰোজা ৰখা উচিত নহয়।
  4. ছিন্ধীয়ে কৈছেঃ (যিয়ে আল্লাহৰ পথত ৰোজা ৰাখিব) ইয়াৰ দ্বাৰা হয়তো সঠিক নিয়্যত পোষণ কৰাৰ কথা বুজোৱা হৈছে। অথবা এইটোও হ'ব পাৰে যে, ইয়াৰ দ্বাৰা যুদ্ধ অৱস্থাত ৰোজা ৰখাৰ কথা কোৱা হৈছে। দ্বিতীয় অৰ্থটোৱে সাধাৰণতে বুজায়।
  5. ইবনু হাজাৰে হাদীছটোত থকা (سبعين خريفًا সত্তৰটা শৰৎকাল) বাক্যটোৰ বিষয়ে কৈছেঃ আৰবীত খাৰীফ কোৱা হয় বছৰৰ এটা নিৰ্দিষ্ট সময়ক, যিটোক অসমীয়াত আমি শৰৎ ঋতু বুলি জানো। ইয়াত সত্তৰটা শৰৎকাল বোলোঁতে সত্তৰ বছৰ বুজোৱা হৈছে। অন্যান্য ঋতু যেনে - গ্ৰীষ্ম, শীত, বসন্ত- আদিৰ তুলনাত শৰৎ ঋতু উল্লেখ কৰাৰ কাৰণ হৈছে, এই ঋতুটো হৈছে আটাইতকৈ সমৃদ্ধ ঋতু। যিহেতু এই সময়ছোৱাতে শস্যাদি আৰু ফলমূল চপোৱা হয়।

অনুবাদ চাওক

47 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
DE Deutsch الألمانية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
NE नेपाली النيبالية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية