عَنِ ابْنِ مَسْعُودٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«لَقِيتُ إِبْرَاهِيمَ لَيْلَةَ أُسْرِيَ بِي فَقَالَ: يَا مُحَمَّدُ، أَقْرِئْ أُمَّتَكَ مِنِّي السَّلاَمَ، وَأَخْبِرْهُمْ أَنَّ الجَنَّةَ طَيِّبَةُ التُّرْبَةِ عَذْبَةُ الْمَاءِ، وَأَنَّهَا قِيعَانٌ، وَأَنَّ غِرَاسَهَا سُبْحَانَ اللهِ وَالحَمْدُ لِلَّهِ وَلاَ إِلَهَ إِلاَّ اللَّهُ وَاللَّهُ أَكْبَرُ».
المزيد
ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত, লগতে জান্নাত হৈছে সমতল ভূমি, আৰু ইয়াৰ গছ-গছনি হৈছে ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ।"