1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।

عَنْ عَبْدِ اللهِ بْنِ مَسْعُودٍ رَضيَ اللهُ عنهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ كَانَ يَقُولُ:
«اللهُمَّ إِنِّي أَسْأَلُكَ الْهُدَى وَالتُّقَى، وَالْعَفَافَ وَالْغِنَى».

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে এই বুলি দুআ কৰিছিল:
"হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2721

ব্যাখ্যা

হাদীছটোত আহিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিল যে, (اللهم إني أسألك الهدى) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সত্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ আৰু সেইমতে আমল কৰাৰ আৰু পোন পথত পৰিচালিত হোৱাৰ তাওফীক কামনা কৰোঁ। (والتقى) তোমাৰ নিৰ্দেশনা যাতে পালন কৰিব পাৰোঁ আৰু তোমাৰ নিষেধাজ্ঞাৰ পৰা যাতে বিৰত থাকিব পাৰোঁ। (والعفاف) চাৰিত্ৰিক পৱিত্ৰতা কামনা কৰোঁ, কথাই হওক বা কৰ্ম কোনো ধৰণৰ অশালীন ব্যৱহাৰ যাতে মোৰ দ্বাৰা নহয়। (والغنى) মখলুকৰ পৰা অমুখাপেক্ষী হৈ, একমাত্ৰ তোমাৰ মুখাপেক্ষী হোৱাৰ তাওফীক কামনা কৰোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত হিদায়ত, তাক্বৱা, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ মৰ্যাদা বৰ্ণিত হৈছে, তথা এইবোৰ বৈশিষ্ট্য অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্বয়ং নিজৰে উপকাৰ বা ক্ষতি কৰাৰ ক্ষমতা নাছিল। কিয়নো এই ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।
  3. উপকাৰ বা অপকাৰ কৰাৰ আৰু সৃষ্টিক হিদায়ত দিয়াৰ একমাত্ৰ ক্ষমতা হৈছে আল্লাহৰ হাতত। আল্লাহৰ বাহিৰে এই ক্ষমতা কোনো নৈকট্যপ্ৰাপ্ত ফিৰিস্তা অথবা কোনো প্ৰেৰিত নবী নাইবা বেলেগ কাৰো হাততেই নাই।

অনুবাদ চাওক

43 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية