عَنْ أَبِي ثَعْلَبَةَ الخُشَنِيِّ جُرْثُومِ بن نَاشِرٍ رَضِيَ اللَّهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَال:
«إِنَّ اللَّهَ فَرَضَ فَرَائِضَ فَلَا تُضَيِّعُوهَا، وَحَدَّ حُدُودًا فَلَا تَعْتَدُوهَا، وَحَرَّمَ أَشْيَاءَ فَلَا تَنْتَهِكُوهَا، وَسَكَتَ عَنْ أَشْيَاءَ رَحْمَةً لَكُمْ غَيْرَ نِسْيَانٍ فَلَا تَبْحَثُوا عَنْهَا».
[قال النووي: حديث حسن] - [رواه الدارقطني في سننه، وغيره] - [الأربعون النووية: 30]
المزيــد ...
আবূ ছা'লাবাহ আল-খুশ্বানী জুৰছুম ইবনে নাশ্বিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
"নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
[قال النووي: حديث حسن] - [رواه الدارقطني في سننه وغيره] - [الأربعون النووية - 30]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিছুমান বিষয় ফৰজ তথা বাধ্যতামূলক কৰিছে, গতিকে সেইবোৰৰ ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা বা সেইবোৰক পৰিত্যাগ নকৰিবা। এইদৰে তেওঁ তোমালোকৰ বাবে এটা সীমাৰেখা নিৰ্ধাৰণ কৰিছে, যিয়ে তোমালোকক সেইবোৰ বস্তুৰ পৰা বিৰত ৰাখে, যিবোৰ বস্তুক তেওঁ অপছন্দ কৰে। গতিকে চৰীয়তে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰা উচিত নহয়। এইদৰে তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ তোমালোকে ভক্ষণ নকৰিবা, আনকি সেইবোৰৰ নিকটৱৰ্তীও নহ'বা। ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে, সেয়া হৈছে বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ অনুগ্ৰহ। সেয়ে এইবোৰৰ মৌলিক বিধান হৈছে বৈধ, গতিকে সেইবোৰৰ বিষয়ে অনুসন্ধান নকৰিবা।