শ্ৰেণীবিন্যাস:
+ -

عَنْ أُمِّ المُؤْمِنِينَ أُمِّ عَبْدِ اللَّهِ عَائِشَةَ رَضِيَ اللَّهُ عَنْهَا، قَالَتْ: قَالَ: رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّم:
«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ». وَفِي رِوَايَةٍ لِمُسْلِمٍ: «مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ».

[صحيح] - [رواه البخاري ومسلم] - [الأربعون النووية: 5]
المزيــد ...

উম্মুল মুমিনীন উম্মু আব্দিল্লাহ আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰি কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।"

[ছহীহ] - [رواه البخاري ومسلم] - [الأربعون النووية - 5]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইবাদত হৈছে কোৰআন আৰু হাদীছৰ দ্বাৰা সীমাবদ্ধ। গতিকে আমি আল্লাহৰ ইবাদত সেইদৰেই কৰোঁ যিদৰে কোৰআন আৰু হাদীছত বৰ্ণিত হৈছে, বিদআত তথা নতুনত্বৰৰ জৰিয়তে আমি ইবাদত নকৰোঁ।
  2. দ্বীন যুক্তি আৰু পছন্দ-অপছন্দৰ ওপৰত ভিত্তি কৰি পালন কৰা নহয়। বৰং ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তেহে পালন কৰা হয়।
  3. এই হাদীছটো হৈছে দ্বীনৰ পৰিপূৰ্ণতাৰ প্ৰমাণ।
  4. বিদআত হৈছে নতুনকৈ আৱিষ্কাৰ কৰা ধৰ্মীয় এনেকুৱা কোনো ইবাদত, কথা হওক বা কৰ্ম অথবা আক্বীদাহ, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত তথা চাহাবাসকলৰ যুগত নাছিল।
  5. এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক নীতি। অৰ্থাৎ আমলৰ মানদণ্ড নিৰ্ণায়ক হাদীছ। আল্লাহৰ উদ্দেশ্যে নকৰা আমলৰ ছোৱাব যিদৰে আমলকাৰীয়ে নাপায়, ঠিক সেইদৰে প্ৰত্যেক সেই আমল যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়ত মতে নহয়, সেই আমলো অগ্ৰহণযোগ্য তথা আমলকাৰীৰ প্ৰতি দলিয়াই দিয়া হ'ব।
  6. এই হাদীছটো বিদআত ও খুৰাফাত, কুসংস্কাৰ, পৰম্পৰা আদিক প্ৰতিৰোধ তথা খণ্ডন কৰাৰ ক্ষেত্ৰত এটা মূল নীতি।
  7. ধৰ্মীয় ক্ষেত্ৰতহে নতুনত্বৰ সৃষ্টি কৰিবলৈ নিষেধ কৰা হৈছে, দুনিয়াৱী ক্ষেত্ৰত নহয়।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান আমহাৰিক গুজৰাটী কিৰ্গিজ নেপালী দাৰী ছাৰ্বিয়ান তাজিক কিনিয়াৰাৱাণ্ডা হাংগেৰী চেক الموري কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক