عَنْ أُمِّ المُؤْمِنِينَ أُمِّ عَبْدِ اللَّهِ عَائِشَةَ رَضِيَ اللَّهُ عَنْهَا، قَالَتْ: قَالَ: رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّم:
«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ».
وَفِي رِوَايَةٍ لِمُسْلِمٍ: «مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ».
[صحيح] - [رواه البخاري ومسلم] - [الأربعون النووية: 5]
المزيــد ...
উম্মুল মুমিনীন উম্মু আব্দিল্লাহ আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰি কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো প্ৰত্যাখ্যাত।"
[ছহীহ] - [رواه البخاري ومسلم] - [الأربعون النووية - 5]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।