عَنْ عُثْمَانَ بْنِ أَبِي الْعَاصِ الثَّقَفِيِّ رضي الله عنه أَنَّهُ شَكَا إِلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَجَعًا يَجِدُهُ فِي جَسَدِهِ مُنْذُ أَسْلَمَ، فَقَالَ لَهُ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«ضَعْ يَدَكَ عَلَى الَّذِي تَأَلَّمَ مِنْ جَسَدِكَ، وَقُلْ بِاسْمِ اللهِ ثَلَاثًا، وَقُلْ سَبْعَ مَرَّاتٍ أَعُوذُ بِاللهِ وَقُدْرَتِهِ مِنْ شَرِّ مَا أَجِدُ وَأُحَاذِرُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2202]
المزيــد ...

উছমান বিন আবুল আ-চ আচ্ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৱে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অভিযোগ কৰিলে যে, তেওঁ যেতিয়াৰ পৰা ইছলাম গ্ৰহণ কৰিছে, শৰীৰত বিষ অনুভৱ কৰি আছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ
"তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া, আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2202]

ব্যাখ্যা

উছমান বিন আবুল আ-চ ৰাদ্বিয়াল্লাহু আনহুৱে শৰীৰত অত্যন্ত বিষ অনুভৱ কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেখেতে তেওঁক এটা দুআ শিকাই দিলে, যাৰ ফলত তেওঁৰ এই বেমাৰ নিৰাময় হ'ল। সেয়া আছিল এই যে, তেখেতে তেওঁক কৈছিলঃ বিষ অনুভৱ কৰা ঠাইত হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, তাৰ পিছত সাতবাৰ এই দুআ পাঠ কৰা। অৰ্থঃ মই সৰ্বশক্তিমান আল্লাহৰ ইজ্জত আৰু ক্ষমতাৰ আশ্ৰয় বিচাৰোঁ, সেই বস্তুৰ অনিষ্টৰ পৰা যিটো মই অনুভৱ কৰি আছোঁ আৰু যিটোৰ আশংকা কৰি আছোঁ। অৰ্থাৎ ভৱিষ্যতৰ ভয়-ভীতি আৰু দুশ্চিন্তাৰ পৰা আশ্ৰয় বিচাৰোঁ, আৰু এই বেমাৰ যাতে গোটেই শৰীৰত বিয়পি নপৰে তাৰ পৰা আশ্ৰয় বিচাৰোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিজেই নিজকে ৰুকিয়া কৰিব পাৰে, যিদৰে হাদীছটোত বৰ্ণিত হৈছে।
  2. অভিযোগ যদি কোনো ধৰণৰ বিৰক্তি আৰু অনীহা প্ৰকাশ নকৰাকৈ কৰা হয়, তেন্তে সেইটো তাৱাক্কুল আৰু ধৈৰ্য্যৰ পৰিপন্থী নহয়।
  3. দুআও হৈছে অন্যতম এটা উপায়। সেয়ে দুআৰ শব্দ আৰু সংখ্যাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।
  4. শৰীৰৰ যিকোনো অংগৰ বিষৰ ক্ষেত্ৰত এই দুআটো প্ৰযোজ্য।
  5. এই দুআ পঢ়ি ৰুকিয়া কৰাৰ সময়ত বিষ অনুভৱ কৰা ঠাইত হাত ৰাখিব লাগে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক