+ -

عَنْ عُمَرَ رضي الله عنه قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ لَبِسَ الحَرِيرَ فِي الدُّنْيَا لَمْ يَلْبَسْهُ فِي الآخِرَةِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 5834]
المزيــد ...

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5834]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, পুৰুষসকলৰ মাজৰ যিয়ে পৃথিৱীত ৰেচম বস্ত্ৰ পৰিধান কৰিব, যদি সি তাওবা নকৰে তেন্তে শাস্তিস্বৰূপে আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব,

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰেচমৰ দ্বাৰা বুজোৱা হৈছে নিৰ্ভেজাল বিশুদ্ধ ৰেচম কাপোৰ। আনহাতে কৃত্ৰিম ৰেচম এই হাদীছৰ অন্তৰ্ভুক্ত নহয়।
  2. পুৰুষসকলে ৰেচম বস্ত্ৰ পৰিধান কৰা হাৰাম।
  3. ৰেচম কাপোৰ কেৱল পৰিধান কৰাটোৱে নিষেধ নহয়, বৰং বিছনাত পাৰি ব্যৱহাৰ কৰাটোও নিষেধ।
  4. পুৰুষসকলৰ কাপোৰত দুইৰ পৰা চাৰি আঙুলি পৰিমাণ ৰেচমৰ টুকুৰা ব্যৱহাৰ কৰা বৈধ, তালি লগাবলৈ হওক বা কাপোৰৰ তলৰ অংশত ব্যৱহাৰ কৰিবলৈ হওক।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী الموري মালাগাছী ওৰোমো কান্নাড়া الجورجية
অনুবাদ চাওক
অধিক