عَنْ أَبِي سَعِيدٍ سَعْدِ بْنِ مَالِكِ بْنِ سِنَانٍ الخُدْرِيّ رَضِيَ اللَّهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا ضَرَرَ وَلَا ضِرَارَ».

[حسن] - [رواه ابن ماجه، والدارقطني، وغيرهما مسندًا] - [الأربعون النووية: 32]
المزيــد ...

আবু ছাঈদ চা'দ ইবনে মালিক ইবনে ছিনান আল-খুদৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামে কৈছে:
"নিজৰ ক্ষতি কৰা উচিত নহয়, আৰু আনৰ ক্ষতি কৰাও উচিত নহয়।"

[হাছান] - [رواه ابن ماجه والدارقطني وغيرهما مسندًا] - [الأربعون النووية - 32]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, নিজকে আৰু আনকো সৰ্বতো প্ৰকাৰে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা উচিত। সেয়ে নিজকে বা আন কাৰোবাক কোনো পধ্যেই ক্ষতি কৰা উচিত নহয়। এইদৰে ক্ষতিৰ জৰিয়তে ক্ষতিৰ প্ৰতিশোধ লোৱাও উচিত নহয়। কাৰণ ক্ষতিৰ জৰিয়তে কেতিয়াও ক্ষতিক দূৰ কৰিব নোৱাৰি। কিচাচৰ বিষয়টো সুকীয়া, কিয়নো সেইটো ন্যায় ভিত্তিক কৰা হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. সমপৰিমাণতকৈ অধিক প্ৰতিশোধ লোৱা নিষিদ্ধ।
  2. আল্লাহে তেওঁৰ বান্দাসকলক এনেকুৱা কোনো আদেশ প্ৰদান কৰা নাই যিটো সিহঁতৰ বাবে ক্ষতিকাৰক।
  3. ক্ষতি কৰা হাৰাম হোৱাৰ ক্ষেত্ৰত এই হাদীছটো হৈছে এটা মূলনীতি যে, পৰিত্যাগ কৰাৰ জৰিয়তে হওক বা কথা আৰু কৰ্মৰ দ্বাৰাই হওক, আনৰ ক্ষতি কৰা বা নিজে ক্ষতিত পতিত হোৱাটো হাৰাম।
  4. এই হাদীছটোক চৰীয়‘আতৰ নীতিসমূহৰ এটা অন্যতম নীতি হিচাপে গণ্য কৰা হয়। সেয়া হৈছে এই যে, চৰীয়তে আৰম্ভণিত কৰা ক্ষতিক কেতিয়াও সমৰ্থন নকৰে। এইদৰে প্রতিশোধ গ্রহণ কৰাৰ ক্ষেত্রত অধিক ক্ষতি কৰাকো নিন্দা কৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)