عَن ابنِ عباسٍ رضي الله عنهما أنَّ رسولَ اللهِ صلي الله عليه وسلم قال:
«لَو يُعطَى النّاسُ بدَعواهُم لادَّعَى رِجالٌ أموالَ قَومٍ ودِماءَهُم، لَكِنَّ البَيِّنَةَ على المُدَّعِى، واليَمينَ على مَن أنكَرَ».
[حسن] - [رواه البيهقي، وغيره هكذا، وبعضه في الصحيحين] - [الأربعون النووية: 33]
المزيــد ...
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলেহেঁতেন। কিন্তু (ন্যায় হৈছে) দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"
[হাছান] - [رواه البيهقي وغيره هكذا وبعضه في الصحيحين] - [الأربعون النووية - 33]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি প্ৰমাণ আদি নোলোৱাকৈ মানুহৰ দাবীৰ ভিত্তিত বিচাৰ কাৰ্য সম্পন্ন কৰি সিহঁতৰ পক্ষে ফয়চালা কৰা হ'লহেঁতেন তেন্তে বহুতেই আনৰ সম্পদ আত্মসাৎ কৰিবলৈ এই পন্থা অৱলম্বন কৰিলেহেঁতেন। কিন্তু নিয়ম হৈছে দাবীকাৰীয়ে প্ৰমাণ উপস্থিত কৰিব লাগিব। যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে গোচৰটো প্ৰতিপক্ষৰ ওচৰত উপস্থাপন কৰা হ’ব, আৰু তেওঁ যদি অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাই দোষমুক্ত হ’ব লাগিব।