عَنْ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِيمَا يَرْوِي عَنْ رَبِّهِ تَبَارَكَ وَتَعَالَى، قَالَ:
«إنَّ اللهَ كَتَبَ الحَسَنَاتِ وَالسَّيِّئَاتِ، ثُمَّ بَيَّنَ ذَلِكَ، فَمَنْ هَمَّ بِحَسَنَةٍ فَلَمْ يَعْمَلْهَا؛ كَتَبَهَا اللهُ عِنْدَهُ حَسَنَةً كَامِلَةً، وَإِنْ هَمَّ بِهَا فَعَمِلَهَا؛ كَتَبَهَا اللهُ عِنْدَهُ عَشْرَ حَسَنَاتٍ إلَى سَبْعِمِائَةِ ضِعْفٍ إلَى أَضْعَافٍ كَثِيرَةٍ، وَإِنْ هَمَّ بِسَيِّئَةٍ فَلَمْ يَعْمَلْهَا؛ كَتَبَهَا اللهُ عِنْدَهُ حَسَنَةً كَامِلَةً، وَإِنْ هَمَّ بِهَا فَعَمِلَهَا؛ كَتَبَهَا اللهُ سَيِّئَةً وَاحِدَةً».
[صحيح] - [رواه البخاري ومسلم في صحيحيهما بهذه الحروف] - [الأربعون النووية: 37]
المزيــد ...
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ
"নিঃসন্দেহে আল্লাহে ভাল আৰু বেয়া কামক লিপিবদ্ধ কৰি ৰাখিছে। তাৰ পিছত তেওঁ এই ব্যাখ্যা কৰিছে যে, যি ব্যক্তিয়ে ভাল কামৰ বাবে দৃঢ় সংকল্প কৰে কিন্তু সেয়া সম্পন্ন কৰিব নোৱাৰে, তথাপিও আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; আৰু দৃঢ় সংকল্প কৰাৰ পিছত, সি যদি সেয়া সম্পন্ন কৰে তেন্তে আল্লাহে তেওঁৰ নিজৰ ফালৰ পৰা তাৰ বাবে দহটা নেকীৰ পৰা আৰম্ভ কৰি সাতশ' লৈকে বৰং তাতোকৈ বেছি নেকী লিখি দিয়ে। ইয়াৰ বিপৰীতে, যদি কাৰোবাৰ বেয়া কামৰ বাসনা জাগে কিন্তু সেয়া কৰ্মত পৰিণত নকৰে, আল্লাহে তাৰ বাবে পৰিপূৰ্ণ নেকী লিখি দিয়ে; কিন্তু যদি সি তাৰ কামনা বাসনাক কামত পৰিণত কৰে, তেন্তে তাৰ বাবে এটা গুণাহ লিখি দিয়ে।"
[ছহীহ] - [رواه البخاري ومسلم في صحيحيهما بهذه الحروف] - [الأربعون النووية - 37]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, আল্লাহে গুনাহ আৰু নেকী পূৰ্বেই নিৰ্ধাৰণ কৰি ৰাখিছে, ইয়াৰ পিছত তেখেতে এই কথাও উল্লেখ কৰিছে যে, লিপিবদ্ধকাৰী ফিৰিস্তাদুজনে সেইবোৰক কেনেকৈ লিখিব।
এতেকে যিয়ে কোনো নেক কাম কৰাৰ ইচ্ছা কৰে তথা সংকল্প কৰে, লগে লগে ইয়াৰ বিনিময়ত এটা নেকী লিপিবদ্ধ কৰা হয়, যদিও সি সেই কামটো কৰা নাই। কিন্তু যদি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে তেন্তে দহৰ পৰা সাতশ গুণ পৰ্যন্ত তাৰ নেকী বৃদ্ধি কৰা হয়, আনকি তাতকৈও অধিক। এই বৃদ্ধি তাৰ অন্তৰত থকা তাক্বৱা আৰু ইখলাচ তথা আনক উপকাৰ কৰা অনুপাতে বৃদ্ধি কৰা হয়।
এইদৰে যিয়ে কোনো গুনাহ কৰাৰ ইচ্ছা পোষণ কৰিব, তাৰ পিছত আল্লাহৰ কথা মনত পেলাই সি যদি সেই কামটোক পৰিত্যাগ কৰে, তেন্তে ইয়াৰ বিনিময়ত তাৰ বাবে এটা পৰিপূৰ্ণ নেকী লিখা হ'ব। কিন্তু যদি কোনো ব্যস্ততাৰ কাৰণে সেই ইচ্ছাক কৰ্মত পৰিণত কৰিব নোৱাৰে তেন্তে তাক ছোৱাব প্ৰদান কৰা নহয়, আনহাতে যদি কোনোবাই অপাৰগতাৰ কাৰণে কৰিব পৰা নাই তেন্তে বিষয়টো তাৰ নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰিব। পক্ষান্তৰে যদি সি সেই ইচ্ছাক কৰ্মত পৰিণত কৰে তেন্তে ইয়াৰ বিনিময়ত তাৰ আমলনামাত কেৱল এটা গুনাহ লিখা হ'ব।