عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«الدُّنْيَا سِجْنُ الْمُؤْمِنِ وَجَنَّةُ الْكَافِرِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2956]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2956]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুমিনৰ বাবে পাৰ্থিৱ জীৱন হৈছে এটা কাৰাগাৰৰ দৰে, কাৰণ মুমিন ব্যক্তিয়ে চৰীয়তৰ বিধি-বিধানবোৰ খামোচি ধৰি আদেশসমূহ পালন কৰিব লাগে আৰু নিষেধসমূহৰ পৰা বিৰত থাকিব লাগে। যেতিয়া তেওঁ মৃত্যুবৰণ কৰিব, তেতিয়া তেওঁ এইবোৰৰ পৰা মুক্তি পাব আৰু আল্লাহে তেওঁৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, অনন্ত সেই সুখৰ ফালে তেওঁ উভতি যাব। আনহাতে এই পাৰ্থিৱ জীৱন হৈছে কাফিৰসকলৰ বাবে জান্নাতস্বৰূপ। কাৰণ সি ইয়াত তাৰ আত্মাই যি বিচাৰে আৰু তাৰ প্ৰবৃত্তিয়ে যি নিৰ্দেশ দিয়ে সেইটোৱে কৰে। সেয়ে যেতিয়া সি মৃত্যুবৰণ কৰিব, তেতিয়া সি সেই স্থায়ী শাস্তিৰ পিনে উভতি যাব যিটো আল্লাহে তাৰ বাবে কিয়ামত দিৱসত প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইমাম নাৱাৱীয়ে কৈছেঃ পৃথিৱীত হাৰাম আৰু মাকৰূহ কামনা-বাসনা সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰতিজন মুমিন ব্যক্তি হৈছে কাৰাৰুদ্ধ। সকলো প্ৰকাৰ আনুগত্যমূলক আমল কৰিবলৈ বাধ্য। যেতিয়া তেওঁ মৃত্যুবৰণ কৰিব, তেতিয়াহে তেওঁ ইয়াৰ পৰা মুক্তি পাব। ইয়াৰ পিছত তেওঁ উভতি যাব সেই অনন্ত নিয়ামতৰ পিনে তথা সেই নির্ভেজাল সুখৰ পিনে যিটো কেতিয়াও অন্ত নপৰিব, যিটো আল্লাহে তেওঁৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰৰ প্ৰাপ্য কেৱল সেইখিনিয়ে যিখিনি সিহঁতে পৃথিৱীত পাইছে, যদিও সেয়া অতি সামান্য আৰু কষ্টৰে পৰিপূৰ্ণ। সেয়ে যেতিয়া সি মৃত্যুবৰণ কৰিব, তেতিয়া সি চিৰস্থায়ী শাস্তিত পতিত হ'ব আৰু স্থায়ী যন্ত্ৰণা ভোগ কৰিব।
  2. ছিন্ধীয়ে কৈছেঃ (سجن المؤمن)ৰ দ্বাৰা বুজোৱা হৈছে, যদিও মুমিন ব্যক্তি পৃথিৱীত সুখ-শান্তিত থাকে, তথাপিও তেওঁৰ বাবে জান্নাত হৈছে ইয়াতকৈ উত্তম। (وجنة الكافر)ৰ দ্বাৰা বুজোৱা হৈছে, যদিও কাফিৰ ব্যক্তি পৃথিৱীত নিকৃষ্ট অৱস্থাত থাকে, তথাপিও ইয়াতকৈ জাহান্নাম হৈছে তাৰ বাবে অত্যন্ত কষ্টকৰ।
  3. মহান আল্লাহৰ ওচৰত পৃথিৱী হৈছে অতি তুচ্ছ।
  4. এই পৃথিৱী হৈছে ঈমান্দাৰসকলৰ বাবে পৰীক্ষা আৰু মুচিবতৰ স্থান।
  5. কাফিৰ ব্যক্তিয়ে পৃথিৱীতেই জান্নাতী সুখ ভোগ কৰিবলৈ খৰখেদা কৰিছে, সেয়ে তাক আখিৰাতৰ জান্নাতী আনন্দৰ পৰা বঞ্চিত কৰি শাস্তি বিহা হ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই আমহাৰিক ডাচ গুজৰাটী দাৰী ৰোমানিয়ান হাংগেৰী কান্নাড়া الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক