+ -

عَنْ أَبِي قَتَادَةَ رضي الله عنه قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«الرُّؤْيَا الصَّالِحَةُ مِنَ اللَّهِ، وَالحُلُمُ مِنَ الشَّيْطَانِ، فَإِذَا حَلَمَ أَحَدُكُمْ حُلُمًا يَخَافُهُ فَلْيَبْصُقْ عَنْ يَسَارِهِ، وَلْيَتَعَوَّذْ بِاللَّهِ مِنْ شَرِّهَا، فَإِنَّهَا لاَ تَضُرُّهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 3292]
المزيــد ...

আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3292]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত। আনহাতে অপছন্দনীয় চিন্তনীয় বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা।
এতেকে যদি কোনোবাই এনেকুৱা বেয়া সপোন দেখে তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত, আৰু ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। এনেকুৱা কৰিলে তেওঁৰ কোনো ক্ষতি নহ'ব। মহান আল্লাহে এই পদ্ধতিটোক বেয়া সপোনৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণ বনাইছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. টোপনিত থকা ব্যক্তিয়ে টোপনিৰ অৱস্থাত দেখা পোৱা দৃশ্য়কে সপোন বোলে। কিন্তু আৰবী ভাষাত ভাল সপোনক (الرؤيا) ৰু'য়া বোলে। পক্ষান্তৰে বেয়া আৰু আতংকময় সপোনক (الحلم) হুলুম বোলে। কিন্তু সচৰাচৰ ইটোক সিটোৰ ঠাইত ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়।
  2. সপোনৰ প্ৰকাৰসমূহঃ ১- ভাল সপোন। এইটো হৈছে সত্য সপোন তথা আল্লাহৰ ফালৰ পৰা সুসংবাদ, যিটো মানুহে দেখা পায় বা দেখুৱা হয়। ২- মনৰ কল্পনা। এনেকুৱা পৰিকল্পনা যিটোক মানুহে জাগ্ৰত অৱস্থাতে মনে মনে ভাবে। ৩- এনেকুৱা বেয়া সপোন, যিটোৰ দ্বাৰা চয়তানে আদম সন্তানক আতংকিত কৰে তথা ভয় দেখুৱায়।
  3. মুঠতে ভাল সপোন দেখিলে এই তিনিটা কাম কৰিব লাগে। আল্লাহৰ প্ৰশংসা কৰিব লাগে। আনন্দিত হ'ব লাগে। লগতে সেই সপোনটো কোনো প্ৰিয় ব্য়ক্তিৰ ওচৰত ব্যক্ত কৰিব লাগে, কিন্তু এনেকুৱা ব্যক্তিক ক'ব নালাগে যিয়ে তাক অপছন্দ কৰে।
  4. পক্ষান্তৰে বেয়া সপোন দেখিলে এই পাঁচটা কাম কৰিব লাগে। তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। লগতে চয়তানৰ অনিষ্টৰ পৰাও আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। সপোন দেখি ভয় খালে বাওঁফালে তিনিবাৰ থু পেলাব লাগে। লগতে এই সপোনৰ বিষয়ে কাৰো ওচৰত ব্যক্ত কৰিব নালাগে। পুনৰ যদি শুব লগা হয় তেন্তে কাতি সলাই শুব লাগে। এনেকুৱা কৰিলে কোনো ক্ষতি নহ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী নেপালী দাৰী ৰোমানিয়ান হাংগেৰী الموري কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক